অনুপ চেতিয়াৰ ‘খিলঞ্জীয়া’ৰ সংজ্ঞাৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিল সহস্ৰাধিক চাহ জনজাতিৰ লোক

adibasi

আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়াই চাহ জনজাতিৰ লোকসকলক খিলঞ্জীয়া নহয় বুলি মন্তব্য কৰাৰ পিছত অপমানত ক্ষুদ্ধ হৈ  প্ৰতিবাদী চাহ জনগোষ্ঠীয় লোকসকল ৰাজপথলৈ ওলাই আহিছে। চাহ জনগোষ্ঠী আদিবাসী যৌথ মঞ্চই চৌকিদিঙি খেলপথাৰত আয়োজন কৰা বিৰাট গণ সমাৱেশত যোগান কৰি  আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে চাহ জনগোষ্ঠীসকল হৈছে অসমৰ অবিচ্ছেদ্য অংগ।

ভট্টাচাৰ্যই কয় যে চাহ জনগোষ্ঠীসকল অসমৰ অবিশ্চেদ্য অংগ আৰু তেওঁলোকৰ সমস্যা হৈছে অসমৰ সমস্যা। চাহ জনগোষ্ঠী অবিহনে অসমীয়া সমাজ আধৰুৱা বুলি মন্তব্য কৰি তেওঁ কয় যে অসম আন্দোলনৰ সময়ত বহুতো চাহগোষ্ঠীৰ লোকে জীৱন বিসৰ্জন দিছিল। চাহ জনগোষ্ঠীৰ লোকসকলে অসমৰ অৰ্থনীতিৰ বিকাশৰ বাবে বহুত কৰিছে। অসমত চাহ জনগোষ্ঠীৰ গৌৰৱময় ২০০ বছৰীয়া ইতিহাস আছেবুলি তেওঁ কয়। 

নিজৰ ভাষণত ভট্টাচাৰ্যই ১৯৮০ চনৰ অসম আন্দোলনৰ সময়চোৱাত চাহ জনগোষ্ঠীৰ ছাত্ৰসকলৰ ত্যাগৰ কথা উল্লেখ কৰে। তেওঁ আৰু কয় যে চাহ জন জনজাতিসকল হৈছে অসমৰ খিলঞ্জীয়া লোক আৰু তেওঁলোকক খিলঞ্জীয়া নহয় বুলি শ্ৰেণীবিভাগ কৰাৰ কাৰো অধিকাৰ নাই। 

অসমৰ খিলঞ্জীয়া সম্প্ৰদায়সমূহৰ এটা সমন্বয়ৰক্ষী সংস্থা ‘খিলঞ্জীয়া মঞ্চ অসম’ৰ মুৰব্বী অনুপ চেতিয়াই দাবী কৰিছিল যে ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰিৰ ইয়াণ্ডাবু সন্ধিৰ (অসম ব্ৰিটিছ সাম্ৰাজ্যৰ সৈতে যুক্ত হোৱা) অগতে অহা সকলহে খিলঞ্জীয় অসমীয়া তাৰ পিচত অহাসকল নহয়।

চেতিয়াৰ মতে ১৮২৬চনৰ পিছত চাহ শ্ৰমিকসকলক ইংৰাজে  চাহ বাগিচাত কাম কৰাৰ বাবে অসমলৈ আনিছিল বাবে তেওঁলোকে খিলঞ্জীয়া বুলি দাবী কৰিব নোৱাৰে যদিও তেওঁলোক অসমৰ সমাজ, সংস্কৃতিৰ এৰাব নোৱাৰা অংগ। তেওঁৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ উঠিছিল অসমৰ সৰ্বত্ৰে।

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নগেন শইকীয়াই কয় যে চাহ জনগোষ্ঠীসকলক বেলেগকৈ শ্ৰেণীবিভাগ কৰাৰ কোনো প্ৰয়োজন নাই। তেওঁ আৰু কয় যে অসম চাহ উদ্যোগৰ বাবে বিখ্যাত আৰু চাহ জনজাতিৰ লোকসকলে অসমৰ সমাজ জীৱনলৈ যথেষ্ট অৱদান আগবঢ়াইছে।

সমাৱেশত উপস্থিত থকা বিৰাট জনসমুদ্ৰক সম্বধন কৰি অসম চাহ মজদুৰ সংঘৰ সভাপতি পবন সিং ঘাটোৱাৰে কয়, ‘অসমৰ এক তৃতীয়াংশ হৈছে চাহ জনজাতিৰ লোক। ইয়াণ্ডাবু সন্ধিৰ আগতেই আমি অসমলৈ আহিছিলো। অসমৰ অৰ্থনীতিলৈ চাহ জনজতিৰ অৱদান অপৰিসীম, সেয়েহে আমাক খিলঞ্জীয়া নহয় বুলি কোৱাটো দুৰ্ভগ্যজনক।’