অপহৰণৰ ৪৮ ঘণ্টাৰ পিছতো শুংসূত্ৰ নাই চাহ বাগিচাৰ পৰিচালক গোপাল উপাধ্যায়ৰ

Jagun tea estate manager

দীননাথ উপাধ্যায়

তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত উজনী ফানেংস্থিত ব্যৱসায়ী ৰাধা চেতিয়া মালিকানাধীন ক্ষুদ্ৰ চাহ বাগিচাৰ পৰিচালক দীননাথ উপাধ্যায় ওৰফে গোপাল উপাধ্যায়ৰ অপহৰণৰ ৪৮ ঘণ্টাৰ পিছতো ব্যক্তিজনৰ কোনো সন্ধান উলিয়াব পৰা নাই সেনা-আৰক্ষীয়ে।

৮ জুনৰ দিন দুপৰতে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত সন্দেহজনক আলফা (স্বা)ৰ উগ্ৰপন্থীৰ দ্বাৰা অপহৃত ব্যক্তিজনৰ সন্ধানত কালিৰে পৰা সেনা আৰক্ষীয়ে অঞ্চলটোৰ লগতে অসম-অৰুণাচল সীমান্তৱৰ্তী পাটকাই পাহাৰৰ বনাঞ্চলত ব্যাপক অভিযান আৰম্ভ কৰিছে যদিও তেওঁৰ কোনো সন্ধান উলিয়াব পৰা নাই।

আনহাতে, উপাধ্যায়ক অপহৰণৰ দায়িত্ব এতিয়াও কোনো এটা উগ্ৰপন্থী সংগঠনে স্বীকাৰ নকৰাত পৰিয়ালৰ লোকসকল শংকাত ভুগিছে।

মন কৰিব লগীয়া যে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ সোঁহাত স্বৰূপ ব্যৱসায়ী ৰাধা চেতিয়াৰ সৈতে আলফাৰ কোনো বিষয়ক লৈ সংঘাত সৃষ্টি হৈছিল। এক সূত্ৰৰ পৰা জানিব পৰা মতে ধন দাবীক কেন্দ্ৰ কৰিয়েই ৰাধা চেতিয়াৰে আলফা (স্বা) সংঘাতৰ সৃষ্টি হৈছিল। সেই সূত্ৰে তেওঁৰ বাগিচাৰ পৰিচালকজনক আলফা (স্বা)এ অপহৰণ কৰাৰ আশংকা কৰা হৈছে। ইপিনে ব্যৱসায়ী ৰাধা চেতিয়াই সংবাদ মাধ্যমৰ পৰা আঁতৰি থকা বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে।

ধৃত আলফা (স্বা)ৰ লিংকমেন

আনহাতে, এই অপহৰণ কাণ্ডৰ অনুসন্ধানৰ মাজতে আজি ১৩নং অসম ৰাইফলছ আৰু জাগুন আৰক্ষীয়ে অভিযান চলাই জাগুনৰ ২নং ফানেঙৰ পৰা বাবু  ওৰফে হেমকান্ত বসুমতাৰী (৩৮) নামৰ আলফাৰ এজন লিংকমেনক আটক কৰে।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে আলফাৰ সৈতে সঘন যোগাযোগ ৰক্ষা কৰি চলা বাবু বসুমতাৰীয়ে বিগত এপ্ৰিল মাহত আলফাত যোগদান কৰা জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ফানেঙৰ কৰিশ্মা মেচ নামৰ যুৱতীগৰাকীক আলফাৰ সৈতে যোগাযোগ স্থাপন কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল।

আৰক্ষী বিষয়া ভাস্কৰ কলিতাক গুলিয়াই হত্যা কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁ‌তেই তিনিচুকীয়া জিলাৰ জাগুনত সন্দেহযুক্ত ৬জনীয়া আলফা (স্বা)ৰ উগ্ৰপন্থীয়ে বাগিচাৰ পৰিচালকক অপহৰণ কৰি নিয়া ঘটনাই জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

স্মৰ্তব্য যে, কিছুদিন পূৰ্বে জাগুনৰ বিশিষ্ট ব্যৱসায়ী দিলীপ ফুকনৰ পুত্ৰ অৰুনাভ ফুকনক আলফাই অপহৰণ কৰি নিয়াৰ পিছত প্ৰায় পোন্ধৰ দিনৰ অন্তত মুকলি কৰি দিছিল।