অবৈধ অজনজাতীয় লোকৰ ভোটাধিকাৰ কৰ্তন, ভূমি আইন সংশোধনৰ দাবীত ডিফুত ধৰ্ণা

Karbi_Anglong

কাৰ্বি আংলঙত বসবাস কৰা অবৈধ অজনজাতীয় লোকৰ নাম জিলাখনৰ ভোটাৰ তালিকাৰ পৰা বাদ দিয়া আৰু ভূমি আইন সংশোধনৰ জৰিয়তে জনজাতীয় লোকসকলৰ মাটি সুৰক্ষিত কৰাৰ দাবীত জিলাখনৰ ২৪ টা জনজাতীয় আৰু সামাজিক সংগঠনে ২৩ এপ্ৰিলত ধৰ্ণা কাৰ্যসূচী পালন কৰাৰ লগতে সৰু চহৰখনত সমদল বাহিৰ কৰে। সংগঠনকেইটাৰ নেতৃত্বত ডিফুৰ ছেমছনছিং ইংতি উদ্যানৰ সন্মুখত কেইবা হাজাৰ লোক সমবেত হোৱা বুলি সূত্ৰটোৱে জানিবলৈ দিছে।

পুৱা ১০ বজাৰ পৰা এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা হৈছিল আৰু প্ৰতিবাদী সমদলটোৰ সময়ত সমগ্ৰ ডিফু চহৰ বন্ধ হৈ পৰে। প্ৰতিবাদকাৰীসকলে সমদল কৰি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ সচিবালয়লৈ যায় আৰু পৰিষদক দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

স্মাৰকপত্ৰখন মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ হৈ গ্ৰহণ কৰে কাৰ্যবাহী সদস্য ৰূপচিং তেৰনে। প্ৰতিবাদী সংগঠনকেইটাই ১৫ দিনৰ ভিতৰত পৰিষদৰ ভোটাৰ তালিকাৰ পৰা অবৈধ অজনজাতিৰ নাম কৰ্তন আৰু ষষ্ঠ অনুসূচীৰ নিয়ম অনুসৰি ভূমিৰ অধিকাৰ অঞ্চলটোৰ জনজাতিৰ হাতত প্ৰদান নকৰিলে তীব্ৰ আন্দোলন কৰিব বুলি ভাবুকি দিয়ে।

এই প্ৰতিবাদী সংগঠনকেইটাৰ নেতৃত্ব দিয়ে প্ৰাক্তন আই এ এছ বিষয়া জন ইংতি কাথাৰে। কাথাৰে কয়, “বৰ্তমান কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ দখল কৰি থকা শাসকীয় লোকসকলে সংবিধানৰ একো আওভাও নাজানে। সংবিধানৰ ষষ্ঠ অনুসূচী সম্পূৰ্ণকৈ পাহাৰীয়া জনজাতিৰ বাবে সংৰক্ষিত। অজনজাতীয় ভোটাৰৰ নাম তালিকাৰ পৰা বাদ নিদিয়া পৰ্য্যন্ত টাউন কমিটিৰ নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰিব।”

উল্লেখযোগ্য যে যোৱা বছৰৰ ২১ এপ্ৰিলত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ আগে আগে ২৪ টা জনজাতীয় সংগঠনে অনুৰূপ দাবীৰে উলংগ হৈ প্ৰতিবাদ কৰিছিল।