• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অবৈধ অনুপ্ৰৱেশকাৰী বিপ্লব কুমাৰ দেব এতিয়া ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী : পাতাল কন্যা জামাতীয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 9, 2018 10:30 pm
Patal Konya and Biplab
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীৰ পদত বহি থকাজন প্ৰকৃততে কোন? নাম তেওঁৰ বিপ্লৱ কুমাৰ দেৱ। ১৯৭১ চনত বাংলাদেশত জন্মগ্ৰহণ কৰা অবৈধ অনুপ্ৰৱেশকাৰী এতিয়া ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী। তেঁৱেই আকৌ এনডিএ চৰকাৰৰ মুখ্য মন্ত্ৰী।‘

বৃহস্পতিবাৰে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি প্ৰকল্পত খিলঞ্জীয়া মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱসত অংশগ্ৰহণ কৰি এইদৰেই বৰ্তমানৰ ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লবকুমাৰ দেবক আক্ৰমণৰ লক্ষ্য হিচাপে লৈ ত্ৰিপুৰা পিপ’ল ফ্ৰন্টৰ অধ্যক্ষা পাতাল কন্যা জামাতীয়াই এই মন্তব্য কৰে।

উল্লেখ্য যে, উক্ত অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা জামাতীয়াই ত্ৰিপুৰাত খিলঞ্জীয়াৰ অস্তিত্ব ধ্বংসৰ গৰাহত পৰাৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজৰাটো পৰিলক্ষিত হয়।

তেওঁ ভাষণ প্ৰসংগত কয়, ‘যদি কেন্দ্ৰীয় চৰকাৰে বিদেশী বহিস্কাৰ কৰিবই খোজে তেনে পৰিপ্ৰেক্ষিতত হিন্দু বাংলাদেশীক ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীৰ পদত কিয় বহুৱাই ৰাখিছে। এইটো কেন্দ্ৰীয় চৰকাৰৰ কেনেধৰণৰ ষড়যন্ত্ৰ?’

আনহাতে, ত্ৰিপুৰাৰ দায়িত্বত থকা বিজেপিৰ সুনীল দেওধাৰে সংবাদমাধ্যমৰ আগত জাতি-অজনজাতিৰ সকলো লোক একেলগে মিলি থাকিলেই হ’ল, এনআৰচি নালাগে ত্ৰিপুৰাত,‘ বুলি কোৱা কথা জানিবলৈ দি তেওঁ কয়, ‘এনেকুৱা কি কথা থাকিব পাৰে ত্ৰিপুৰাত? বিজেপি নেতৃত্বাধীন কিছুসংখ্যক ৰাজ্যই ভোট বেংকৰ স্বাৰ্থত এনআৰচি লাগে লাগে বুলি কৈ আছে, কিন্তু অবৈধ অনুপ্ৰৱেশকাৰী মুখ্য মন্ত্ৰী হৈ থকাৰ পাছতো ত্ৰিপুৰাত এনআৰচি নালাগে বুলি কয়।‘

ইয়াৰোপৰি কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু এনআৰচি দুয়োটা একেলগে অনাটো একপ্ৰকাৰৰ ষড়যন্ত্ৰ বুলি মত পোষণ কৰাৰ লগতে তেওঁ কয় যে অবৈধ অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰিবৰ বাবে এফালে এনআৰচি আনফালে আকৌ নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বিদেশীক আমন্ত্ৰণ।

তেওঁ লগতে কয়, ‘এনেদৰে কেন্দ্ৰীয় চৰকাৰে বিশেষকৈ অসমৰ ৰাইজক ঠগাই আহিছে।‘

আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ এনেধৰণৰ ষড়যন্ত্ৰৰ পৰা খিলঞ্জীয়া লোকসকল হাত সাৰিবলৈ হ’লে সকলো খিলঞ্জীয়া লোক একত্ৰিত হোৱাৰ বাবে ভাষণ প্ৰসংগত তেওঁ আহ্বান জনায়।

খিলঞ্জীয়া দিৱসৰ মূল বাৰ্তা প্ৰসংগত তেওঁ কয় ‘আজিৰ এই দিনটোৰ মূল বাৰ্তা হ’ব খিলঞ্জীয়া জাগৃত হোৱা, একত্ৰিত হোৱা আৰু নিজৰ অস্তিত্ব তথা বুৰঞ্জী ৰক্ষাৰ হকে যুঁজ দিয়া।‘

আনহাতে, ১৯৪৯ চনৰ ১৫ অক্টোবৰলৈকে ত্ৰিপুৰাত খিলঞ্জীয়াৰ অস্তিত্ব ঠিকেই আছিল বুলি মন্তব্য কৰি জামাতীয়াই লগতে কয়, ‘কিন্তু যেতিয়াই ত্ৰিপুৰা ভাৰতৰ সৈতে সংলগ্ন হ’ল তেতিয়াই খিলঞ্জীয়া সংখ্যালঘুত পৰিণত হ’ল।‘

তেওঁ উক্ত সভাখনত জানিবলৈ দিয়া অনুসৰি ‘ভাৰতৰ লগত সংলগ্ন হোৱাৰ পূৰ্বে ত্ৰিপুৰাত খিলঞ্জীয়াৰ হাৰ আছিল ৯৩ শতাংশ, কিন্তু এতিয়া কমি কমি হ’লগৈ ১৯ শতাংশ।‘

‘যদি ত্ৰিপুৰাৰ নামটো উত্তৰ-পূবৰ লোকসকলে শুনিছে বা ত্ৰিপুৰাৰ বিষয়ে জানে, তেন্তে কেনেকৈ ত্ৰিপুৰাৰ খিলঞ্জীয়াৰ হাৰ ১৯ শতাংশ হ’লগৈ?’ সভাত উপস্থিত উত্তৰ-পূবৰ খিলঞ্জীয়াসকলক এইদৰে জামাতীয়াই কয়।

আনহাতে, ‘২০১৮ চনৰ প্ৰেক্ষাপটত ত্ৰিপুৰাৰ খিলঞ্জীয়াসকলে ৰাজনৈতিক সামাজিক আৰু অৰ্থনৈতিক অধিকাৰসমূহ হেৰুৱাই পেলালে,‘ বুলি মন্তব্য কৰি তেওঁ কয়, ‘যদি খিলঞ্জীয়াসকলৰ মাজত একতা নাথাকে, তেন্তে এদিন ত্ৰিপুৰাৰ দৰেই উত্তৰ-পূবৰ সকলো খিলঞ্জীয়াই সকলো অধিকাৰ হেৰুৱাই পেলাব।‘

‘য়ুপিএ চৰকাৰৰ কাৰ্য্যকলাপ আৰু এনডিএ চৰকাৰৰ কাৰ্য্যকলাপ আমি নিজ চকুৰে দেখি আহিছো। খিলঞ্জীয়াৰ সুৰক্ষা প্ৰদানৰ বাবে কোনো এখন চৰকাৰে বৰ্তমানলৈকে ব্যৱস্থা গ্ৰহণ নকৰিলে,‘-এইদৰে কয় জামাতীয়াই।

উল্লেখ্য যে, ২৪ তম আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস উপলক্ষে প্ৰথমবাৰৰ বাবে খিলঞ্জীয়া মঞ্চৰ উদ্যোগত আয়োজিত উক্ত অনুষ্ঠানত অভ্যৰ্থনা সমিতিৰ সভাপতি জেব্ৰাৰাম মুছাহাৰীকে ধৰি মেঘালয়ৰ মেক্ৰ’ মিতৰি, নাগালেণ্ডৰ নেইনগ’ল’ ক্ৰমে, মণিপুৰৰ নংথংবাম জীতেন উপস্থিত থকাৰ উপৰিও উত্তৰ-পূবৰ ৭ খন ৰাজ্যৰ খিলঞ্জীয়া মঞ্চৰ সদস্যসকলো উপস্থিত থাকে।

উক্ত অনুষ্ঠানতে ‘খিলঞ্জীয়া’ নামৰ স্মৃতিগ্ৰন্থখন খিলঞ্জীয়া মঞ্চ অসমৰ মুখ্য আহ্বায়ক অনুপ চেতিয়াই উন্মোচন কৰে। উক্ত গ্ৰন্থখনৰ অসমীয়া বিভাগটো সম্পাদনা কৰে জেনিফাৰ হুছেইন আৰু ইংৰাজী বিভাগ সম্পাদনা কৰে মণিকংকন বৰুৱাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm
দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd