অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত প্ৰবল ধুমুহা-বৰষুণৰ আগজাননী বতৰ বিজ্ঞানৰ

dhumuha-570x320

শুকুৰবাৰে নাজিৰাত হোৱা ধুমুহাৰ পিছৰ দৃশ্য।

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনতো প্ৰবল ধুমুহা-বৰষুণৰ আগজাননী দিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে। ধূলি-ধুমুহা-বৰষুণে ৰাজস্থান আৰু উত্তৰ প্ৰদেশত বিভীষিকাৰ সৃষ্টি কৰাৰ পিছত ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনকো সতৰ্ক কৰি দিছে।

আগন্তক তিনিদিনত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বিজুলী-ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণৰ লগতে প্ৰবল ধুমুহা বতাহৰো আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে পশ্চিমবংগৰ গংগাৰ উপকণ্ঠ অঞ্চল আৰু বাংলাদেশৰ ওপৰত থকা ঘূৰ্ণী বতাহ বৰ্তমান পশ্চিমবংগ আৰু ছিকিমৰ হিমালয়ৰ অঞ্চলসমূহৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ ২.১ কিলোমিটাৰ আৰু ৩.১ কিলোমিটাৰ উচ্চতাৰ ভিতৰত অৱস্থান কৰিছে।

আজি অসম, মেঘালয় আৰু ত্ৰিপুৰাৰ বিভিন্ন স্থানত প্ৰবল বৰষুণ হোৱাৰ আশংকা আছে। দেওবাৰে বৰষুণৰ প্ৰাবল্য অধিক বৃদ্ধি পাব। অসম আৰু মেঘালয়ৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণ হোৱাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।

বতৰ বিজ্ঞান বিভাগে ৭ মে’ত অসম, মেঘালয়ৰ লগতে ত্ৰিপুৰাত প্ৰবল বৃষ্টিপাত অব্যাহত থাকিব বুলি জানিব দিছে। বতৰ বিজ্ঞানৰ আগজাননী অনুসৰি অহা ১১ মে’লৈকে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত প্ৰবল বৃষ্টিপাত অব্যাহত থাকিব।

আনহাতে, অসমত ইতিমধ্যে কোনো কোনো অঞ্চলত বৰষুণ আৰম্ভ হৈছে। শুকুৰবাৰে দিনৰ ভাগত অহা এজাক বিধ্বংসী ধুমুহাই নাজিৰা আৰু ডিফু চহৰত ব্যাপক ক্ষতি সাধন কৰে।