কৰ্কট ৰোগকে ধৰি মুখমণ্ডল, ডিঙি আৰু হাওফাওৰ বিভিন্ন মাৰাত্মক ৰোগৰ কাৰক ধঁপাত সেৱনকাৰীৰ সংখ্যা অসমত দিনক দিনে ভয়াৱহ ধৰণে বৃদ্ধি পাইছে। ভাৰতৰ অধিক ধঁপাত সেৱনকাৰী থকা তিনি ৰাজ্যৰ ভিতৰত অসম অন্যতম।
মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল অনুষ্ঠিত কৰি এই বিষয়ে কয় ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ ডাঃ অশোক দাসৰ নেতৃত্বত অহা এটা চিকিৎসকৰ দলে।
ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ এক সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি ২০১৬-১৭ বৰ্ষত অসমত ধঁপাত সেৱনকাৰীৰ হাৰ ৪৮.২ শতাংশ। এই হাৰ ২০০৯-১০ চনত আছিল ৩৯.৬ শতাংশ। আনহাতে ২০১৬-১৭ চনত ইয়াৰ সৰ্বভাৰতীয় হাৰ ২৮.৬ শতাংশ। তাৰ বিপৰীতে ২০০৯-১০ চনত সমগ্ৰ ভাৰতত ধঁপাত সেৱনকাৰীৰ হাৰ আছিল ৩৪ শতাংশ।
ইয়াৰ পৰা এটা কথা স্পষ্ট যে ২০০৯-১০ৰ তুলনাত ২০১৬-১৭ বৰ্ষত ভাৰতত ধঁপাত সেৱনকাৰীৰ সংখ্যা হ্ৰাস পোৱাৰ বিপৰীতে এই হাৰ অসমত যথেষ্ট পৰিমানে বৃদ্ধি পাইছে। একেধৰণে এই হাৰ বৃদ্ধি পাইছে ত্ৰিপুৰা আৰু কেৰেলাত।
চিকিৎসকসকলে মুখ, ডিঙি, হাওফাও, কন্ঠ আদিকে ধৰি শৰীৰৰ বিভিন্ন অংগত হোৱা কৰ্কট ৰোগৰ ক্ষেত্ৰত ধঁপাত এটা অন্যতম কাৰক হিচাপে অভিহিত কৰি কয় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ৫০% পুৰুষৰ আৰু ২৫% মহিলাৰ কৰ্কটৰোগৰ কাৰণ ধঁপাত। ইয়াৰ উপৰিও ৯০% মুখমণ্ডলৰ কৰ্কটৰোগ ধঁপাতৰ ফলত হয় বুলিও জানিবলৈ দিয়ে।
বৰ্তমান সময়ত যুৱপ্ৰজন্মৰ এক বৃহৎসংখ্যকে চিগাৰেট, জৰ্দা, গুটখাকে ধৰি বিভিন্ন ধৰণৰ ধঁপাতজাতীয় দ্ৰব্য সেৱন কৰাৰ কথা কৈ চিকিৎসকসকলে ২০১১ চনৰ পৰা ২০১৫ চনলৈ প্ৰকাশ পোৱা এক তথ্যত ৪০ বছৰ বয়সৰ অনুৰ্ধৰ ব্যক্তি কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ কথা জানিবলৈ দিয়ে।
উল্লেখ্য যে, ধঁপাতৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই ৩১ মে’ৰ দিনটো বিশ্ব ধঁপাত মুক্ত দিৱস হিচাপে পালন কৰি আহিছে। সেই উপলক্ষে ডাঃ বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ৩১ মে’ৰ দিনৰ ২.৩০ বজাৰ পৰা এক সজাগতামুলক অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি চিকিৎসকসকলে জানিবলৈ দিয়ে। অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।