অসমত এপ্ৰিলত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন

PNRD-Assam

অহা এপ্ৰিল মাহত অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। এপ্ৰিলৰ অন্তিম ভাগত দুটা বা তিনিটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব।

অসম বিধানসভাৰ আগন্তুক বাজেট অধিৱেশনৰ সময়ত পঞ্চায়ত নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হ’ব। সদনত বাজেট দাখিল কৰাৰ পিছতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ব।

এক চৰকাৰী সূত্ৰৰ মতে সাধাৰণ বাজেট ১২ মাৰ্চত দাখিলৰ বাবে নিৰ্দ্ধাৰণ কৰা হৈছে আৰু ইয়াৰ কেইদিন পিছতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ’ব পাৰে।

এপ্ৰিলৰ শেহৰ ফালে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনটো তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। এপ্ৰিলৰ প্ৰথম সপ্তাহলৈ বাজেট অধিৱেশন চলি থাকিব আৰু ইয়াৰ মাজতে পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলবোৰে প্ৰচাৰ অভিযানতো ব্যস্ত হৈ পৰিব।

এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত বিজেপি চৰকাৰৰ মিত্ৰদল অসম গণ পৰিষদ আৰু বিপিএফ দলে নিজাববীয়াকৈ নিৰ্বাচন খেলাৰ কথা প্ৰকাশ কৰিছে। অৱশ্যে এইক্ষেত্ৰত অগপ দলৰ সভাপতি গৰাকীয়ে আনুষ্ঠানিকভাৱে কোনো মত প্ৰকাশ কৰা নাই।

ইতিমধ্যে অগপৰ নেতাসকলে পঞ্চায়ত নিৰ্বাচনত অকলে নিৰ্বাচন খেলাৰ বাবে তৃণমূল পৰ্যায়ত সংগঠনৰ কৰ্মীসকলক সংগঠিত কৰাৰ কাম চলাই আহিছে। দলৰ জ্যেষ্ঠ নেতা ফনীভূষণ চৌধুৰীৰ নেতৃত্বত পঞ্চায়ত নিৰ্বাচনৰ বাবে দলীয় পৰ্যায়ত অনুশীলন আৰম্ভ কৰা হৈছে বুলিও জানিব পৰা গৈছে।

আনহাতে, বিজেপিয়েও পঞ্চায়ত নিৰ্বাচন অকলে খেলাৰ বাবে সাজু হৈ আছে। দলৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে বিভিন্ন সময়ত এই বিষয়ত ইংগিত দাঙি ধৰি দলে এককভাৱে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ব্যক্ত কৰি আহিছে।

একেদৰে বিপিএফ দলেও এইবাৰ পঞ্চায়ত নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱনা প্ৰৱল। বিজেপি সভাপতিগৰাকীৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কিছুদিন আগতে আনকি মিত্ৰতা ভংগৰো হুংকাৰ দিছিল।

অগপ-বিজেপিৰ মিত্ৰতা পঞ্চায়ত নিৰ্বাচনত অটুট থাকিবনে নাই সেয়া অতি সোনকালেই স্পষ্ট হ’ব যদিও অগপ দলৰ তৃণমূল পৰ্যায়ৰ লগতে কেন্দ্ৰীয় পৰ্যায়ৰো অধিকাংশ নেতাই অকলে পঞ্চায়ত নিৰ্বাচন খেলাৰ প্ৰতি আগ্ৰহী।