অসমত বিনিয়োগ কৰিব য়ুৰোপৰ ৰাষ্ট্ৰ নেদাৰলেণ্ডে

উত্তৰ-পূবৰ দুৱাৰ মুখ স্বৰূপ অসমত বিনিয়োগ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে য়ুৰোপৰ ৰাষ্ট্ৰ নেদাৰলেণ্ডে। ৰাষ্ট্ৰখনে অসমত স্বাস্থ্য, কৃষি-পালন, শক্তি খণ্ডকে ধৰি বিভিন্ন খণ্ডত বিনিয়োগ কৰিব বুলি গুৱাহাটীত সংবাদ মেলযোগে এই কথা সদৰী কৰে ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰদূত আলফনছাছ ষ্টলিংগাই। ৰাষ্ট্ৰদূত গৰাকীৰ উপৰি বৰ্তমান ৰাষ্ট্ৰখনৰ বাণিজ্য আৰু বিনিয়োগ আয়ুক্ত তথা অসমীয়া যুৱক অম্লান বৰাৰ লগতে ৰাষ্ট্ৰখনৰ এক প্ৰতিনিধি দল সম্প্ৰতি গুৱাহাটীত উপস্থিত হৈছে। কালি অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি দেশখনে বিনিয়োগ কৰাৰ কথা ব্যক্ত কৰে আৰু বিভিন্ন কৰ্পৰেট আৰু বাণিজ্যিক প্ৰতিষ্ঠানৰ লগত এখন বৈঠকত মিলিত হয়। মুখ্য মন্ত্ৰীৰে হোৱা বৈঠকত অসমৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ লগতে আন চৰকাৰী উচ্চপদস্থ বিষয়া সকলো উপস্থিত আছিল। নেদাৰলেণ্ডৰ ৰাষ্ট্ৰদূত গৰাকীয়ে জনায় যে যোৰহাটত এখন অত্যাধুনিক ছুপাৰস্পেচিয়েলিটি চিকিৎসালয় স্থাপন কৰা হ’ব। একেদৰে নেদাৰলেণ্ডৰ হায়েট শ্বেনাৰ নামৰ সৌৰশক্তি উৎপাদনত বিশ্বৰ আগশাৰীৰ কোম্পানীটোৱে স্থানীয় প্ৰতিষ্ঠানৰ সহযোগত অসমত দুশ নিযুত য়ৰ’ বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে। অসমৰ চাহ উদ্যোগে যিমান পৰিমাণৰ ভূমি অধিকাৰ কৰি আছে সেই অনুপাতে ৰাজ্যৰ অৰ্থনীতিত অৰিহণা যথেষ্ট কম। লগতে পশু পালন আৰু বান ব্যৱস্থাপনা আদি বিষয়তো ৰাষ্ট্ৰ খনে বৃহৎ কাৰিকৰী সহায় আগবঢ়াব পাৰে বুলি ৰাষ্ট্ৰদূত গৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। এই বিনিয়োগৰ ফলত অসম অহা কেইবছৰৰ ভিতৰত অৰ্থনৈতিক ভাবে স্বাবলম্বী হ’ব বুলি চৰকাৰ তথা বিভিন্ন বাণিজ্যিক প্ৰতিষ্ঠানে অভিমত ব্যক্ত কৰিছে।