‘অসমে বাঙালিৰ শৰশয্যা’ : কলকাতাৰ কাকতত অসমৰ বাঙালী বুদ্ধিজীৱীৰ বিতৰ্কিত লেখাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

Tapodhir-Bhattacharjee-1

‘অসমে বাঙালিৰ শৰশয্যা’ শিৰোনামৰ তপোধীৰ ভট্টাচাৰ্য্যৰ এটা বিতৰ্কিত লেখাক লৈ ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়া হোৱা দেখা গৈছে।

উল্লেখযোগ্য যে শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য তথা অসমৰে এজন আগ শাৰীৰ বাঙালী বুদ্ধিজীৱী তপোধীৰ ভট্টাচাৰ্য্যই পূৰ্বেও বিতৰ্কিত মন্তব্য দিছিল। সুবোধ বিশ্বাসৰ গ্ৰেপ্তাৰৰ সময়তো বিতৰ্কিত মন্তব্য কৰিছিল তপোধীৰ ভট্টাচাৰ্যই। কেৱল সেয়ে নহয়, অসমত থকা বাঙালীসকলৰ মনত অসমীয়া বিদ্বেষ সুমাই দিয়া তথা অসুৰক্ষিত বুলি ভীতিগ্ৰস্ত কৰাৰ ভূমিকাত অৱতীৰ্ণ হোৱা কেইবাবাৰো দেখা গৈছে তেওঁক।

কলকাতা আৰু শিলচৰৰ পৰা প্ৰকাশিত আজকাল নামৰ কাকতখনত ৩ জুলাইৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশ পোৱা  ‘অসমে বাঙালিৰ শৰশয্যা’ শীৰ্ষক লেখাটোতো এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ প্ৰেক্ষাপট ব্যৱহাৰ কৰি অসমীয়া আৰু অসমৰ বাঙালীসকলৰ মাজত বিদ্বেষ বিয়পোৱাৰ চেষ্টা কৰা দেখা গ’ল বুদ্ধিজীৱীজনক। তেওঁ অসমত বাঙালীসকল অসমীয়া আধিপত্যবাদৰ বলি হৈছে বুলি অভিযোগ কৰিছে লেখাটোত। লগতে এন আৰ চিখনক অসমত থকা বাঙালীসকলৰ বিৰুদ্ধে পৰিকল্পিত ষড়যন্ত্ৰ বুলি কোৱাৰ লগতে ইয়াক বাঙালীসকলৰ বাবে শৰশয্যা অভিহিত কৰিছে। “২০১৭-এর ৩১ ডিসেম্বর মধ্যরাতে প্রথম খসড়া নাগৰিকপঞ্জি প্ৰকাশের সঙ্গে সঙ্গে স্পষ্ট হয়ে গিয়েছিল, নাগরিকপঞ্জি নবায়ন সুপরিকল্পিত চক্রান্ত ছাড়া আর কিছুই নয়।” এইদৰে কয় ভট্টাচাৰ্য্যই।

“এই বয়ান যেদিন লিখছি, সেই ৩০ জুন বাঙালি-মৃগয়ার পূর্ব নির্ধারিত ফল প্ৰকাশিত হওয়ার কথা ছিল।…” অৰ্থাৎ এন আৰ চিক বাঙালীক চিকাৰ কৰা প্ৰক্ৰিয়া বুলি তেওঁ স্পষ্ট ইংগিত দিয়ে।

কেৱল সেয়ে নহয়, তেওঁ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন ঠাইত বাঙালি-বিদ্বেষৰ কদৰ্য্য সংঘবদ্ধ চেহেৰা উন্মত্ত উত্তেজনা প্ৰকাশ পোৱা বুলি দাবী কৰে।

তেওঁ আকৌ লিখিছে, “বাঙালি হিন্দু-মুসলমান ভুলে যাচ্ছেন যে তাঁদের মাতৃভাষা সংখ্যার নিরিখে পৃথিবীতে ষষ্ঠ এবং ভারতে দ্বিতীয়।…” তেওঁ ধৰ্মৰ বিভেদ পাহৰি হিন্দু-মুচলমানক বাঙালীৰ অতীত গৌৰৱ আওৰোৱাৰ বাবে আহ্বান জনাইছে লেখাটোৰ জৰিয়তে। তাৰ বাবে তেওঁ ব্ৰহ্মপুত্ৰ উপত্যকাৰ চৰ-চাপৰিৰ মুচলমানসকলে নিজকে ভাষিক অসমীয়া হিচাপে পৰিচয় দিয়াৰ পিছতো অসমীয়াৰ দ্বাৰা নেলী-গহপুৰৰ বীভৎস গণহত্যা হৈছিল বুলি সোঁৱৰাই দিয়ে।

আনহাতে আলোচনাপন্থী আলফাৰ স্থিতিকো কঠোৰ ভাষাৰে আক্ৰমণ কৰে।

ভট্টাচাৰ্য্যৰ এই বিভিন্ন উচটনিমূলক বক্তব্য আৰু বিদ্বেষ ভৰা লেখাটোক লৈ এতিয়া ৰাজ্যখনৰ সৰ্বত্ৰে চৰ্চা হৈছে। ছ’চিয়েল মিডিয়াৰ লগতে ইলেক্ট্ৰনিক সংবাদ মাধ্যমতো বিভিন্নজনে লেখকজনক কঠোৰ ভাষাৰে সমালোচনা কৰা দেখা গৈছে।

এইখিনিতে উল্লেখযোগ্য যে যোৱা বছৰৰ অন্তিম দিনটোত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথম খচৰাত নাম অহা নাছিল বিশিষ্ট লেখকজনৰ। তেতিয়াও তীব্ৰ ক্ষোভ উজাৰিছিল ভট্টাচাৰ্য্যই। তেওঁ নিজকে অপমানিত বোধ কৰিছিল আৰু কৈছিল, “এত বড় স্পর্ধা এই রাষ্ট্রের যে আমার সাংবিধানিক অধিকার কেড়ে নিতে চায়। এতে আমি অপমানিত, লাঞ্ছিত এবং ক্ষুব্ধ।”