অসমৰ এনআৰচিয়ে বিঘ্নিত নকৰে ভাৰত-বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্ক : বাংলাদেশৰ বিদেশ মন্ত্ৰী

bangla-pic-570x320

বাংলাদেশৰ বিদেশ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্বহৰিদাৰ আলমে কৈছে যে অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম খচৰা প্ৰকাশিত হোৱাৰ বাংলাদেশে টোপনি হেৰুওৱাৰ কোনো হেতু নাই। অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ে  ভাৰত-বাংলাৰ দ্বিপাক্ষিক সম্পৰ্ক বিঘ্নিত নকৰে বুলি স্পষ্টভাৱে প্ৰকাশ কৰিছে বাংলাদেশৰ বিদেশ পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে।

ইণ্ডিয়া টুডেত প্ৰকাশিত এটা প্ৰতিৱেদনত প্ৰকাশ পাইছে যে বৃহস্পতিবাৰে বাংলাদেশৰ বিদেশ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ঢাকাস্থিত  এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় দেশৰ হকে একত্ৰিত গ্ৰাম্যোন্নয়ন কেন্দ্ৰৰ প্ৰেক্ষাগৃহত   (Centre on Integrated Rural Development for Asia and the Pacific চমুকৈ CIRDAP) আয়োজন কৰা এটা অনুষ্ঠানত সাংবাদিকৰ আগত প্ৰকাশ কৰিছে যে কিছুমান লোকে অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ ৰাজনীতি কৰিব বিচাৰিছে।

আলমৰ উদ্ধৃতিৰে প্ৰতিৱেদনটোত আৰু কোৱা হৈছে, ‘‘অসমেৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ এটা স্পষ্ট ব্যাখ্যা দিছে। এই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ে ভাৰত-বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্কত কোনো নেতিবাচক প্ৰভাৱ নানে। ইয়াকে লৈ দুঃচিন্তা কৰাৰ কোনো হেতু নাই।’’

উল্লেখ্য যে যোৱা ৩০ জুলাইত অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম খচৰা প্ৰকাশিত হৈছে আৰু ইয়াতে ৪০ লাখৰো অধিক লোক নাগৰিক পঞ্জীৰ পৰা বাদ পৰাক লৈ এখন ৰাজনৈতিক যুদ্ধ চলি আছে। ইয়াকে লৈ বিভিন্ন মহলত নানা আলোচনা আৰু সমালোচনা চলি আছে। বাংলাদেশে এই বিষয়টোক ভাৰতৰ এটা ‘আভ্যন্তৰীণ বিষয়’ হিচাপে বিৱেচনা কৰে।

বাংলাদেশত নিয়োজিত ভাৰতীয় উচ্চায়ুক্ত হৰ্ষবৰ্ধন শৃংলাই কৈছে, ‘‘ অসম চৰকাৰে প্ৰকাশ কৰা তালিকাখনক লৈ বাংলাদেশ চৰকাৰে দুঃচিন্তা কৰিব নেলাগে। তালিকাখনৰ পৰা বাদ পৰা লোকসকলৰ নামক লৈ ভয় কৰাৰ কোনো কাৰণ নাই।’’

শৃংলাই পুনৰ কৈছে, ”অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কৰা হৈছে। এয়া কোনো ৰাজনৈতিক সিদ্ধান্ত নহয়। এই তালিকাখনে ভাৰত-বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্কতক প্ৰভাৱিত নকৰে।’’

‘‘আমাৰ বাংলাদেশৰ সৈতে এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে আৰু আমি আগন্তুক দিনবোৰত একেলগে যাব বিচাৰোঁ।’’ বাংলাদেশত নিয়োজিত ভাৰতীয় উচ্চায়ুক্ত হৰ্ষবৰ্ধন শৃংলাই কয়।