অসমৰ পথ নিৰ্মাণৰ পৰিকল্পনাত অসন্তুষ্ট মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা

Conrad-addressing-media-570x320

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা

ৰাজ্যখনৰ ৰি-ভই জিলাৰ গ্ৰাম্যাঞ্চলত অসমে নিৰ্মাণ কৰিবলৈ লোৱা পথৰ কাম বন্ধ কৰিবলৈ মেঘালয় চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। শুকুৰবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এই কথা ব্যক্ত কৰিছে।

চুবুৰীয়া ৰাজ্যখনে জিলাখনৰ জিৰাঙ অঞ্চলত উমছহ’বাৰ পৰা বেলাখোৱালৈ আৰু বাখলাপাৰাৰ পৰা জিমবৰিগাওঁলৈক দুটা পথ নিৰ্মাণ কৰি আছে। চাংমাই শুকুৰবাৰে  তিনিদিন আগতে চৰকাৰীভাৱে লাভ কৰা প্ৰতিবেদনৰ উদ্ধৃতি দি বিধানসভাত এই কথা প্ৰকাশ কৰে।

‘’ অসম চৰকাৰে মেঘালয়ত পৰা অঞ্চলত পথ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মেঘালয় চৰকাৰে পথ নিৰ্মাণৰ কাম বন্ধ কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব,’’- স্থানীয় বিধায়ক এছ ছহটুনৰ দৃষ্টি আকৰ্ষণকাৰী প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা ব্যক্ত কৰে।

মেঘালয়য়ৰ আন্ত:গাঁথনি উন্নয়নৰ কামক আওকান কৰি অসমৰ সংশ্লিষ্ট কৰ্তৃপক্ষই বৰ্তমান পথ দুটাৰ জোখমাখৰ কাম কৰি আছে বুলি তেওঁ জানিবলৈ দিয়ে।

‘’ জিমবৰিগাওঁ, বেলাখোৱা আৰু ৰাণীবাৰী অঞ্চল ৰাজ্যখনৰ মূল যোগাযোগ ব্যৱস্থাৰ অন্তৰ্গত আৰু পথ নিৰ্মাণ বিভাগে বিশদ প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰি আছে য’ত কেন্দ্ৰীয় গ্ৰাম্য উন্নয়ন মন্ত্ৰ্যালয়ে অনুমোদন জনাইছে,’’-মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।

বাখলাপাৰাৰ পৰা জিমবৰিগাওঁ, জিমবৰিগাওঁৰ পৰা বেলাখোৱা আৰু পাহামশ্ৰুৰ পৰা ৰাণীবাৰীলৈকে পথছোৱাত নিৰ্মাণৰ বাবে ক্ৰমে ২২২.১৬ লাখ টকা, ৮৭৫.৬৮ লাখ টকা আৰু ৬৮৬.৮১ লাখ টকা অনুমোদন দিয়া হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।