অসমৰ ভূতপূৰ্ব ৰাজ্যপাল ভীষ্ম নাৰায়ণ সিঙৰ দেহাৱসান

singh-pic-1-570x320

বুধবাৰে অসমৰ ভূতপূৰ্ব ৰাজ্যপাল ভীষ্ম নাৰায়ণ সিঙৰ নইডাৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান হৈছে। তেওঁ দীৰ্ঘদিন ধৰি অসুখত ভুগি আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮২ বছৰ।

প্ৰাক্তন ৰাজ্যপালগৰাকীক ভৰ্তি কৰোৱা ‘ফৰ্টিছ নইডা’ হস্পিটেলৰ মুখপাত্ৰগৰাকীৰ বক্তব্যৰ আধাৰত টাইমছ ইণ্ডিয়াই যুগুতোৱা এটা  প্ৰতিৱেদন অনুসৰি অসমৰ প্ৰাক্তন ৰাজ্যপালগৰাকী লিম্ফ ন’ড, প্লীহা, মেৰুমজ্জাত আদিত থকা ৰোগ প্ৰতিৰোধী কোষসমূহক আক্ৰান্ত কৰা এক ধৰণৰ ৰক্ত কৰ্কট ৰোগত ভুগি আছিল  আৰু তেওঁৰ এই কৰ্কট প্ৰাথমিক আক্ৰান্ত স্থানৰ পৰা আন স্থানলৈকেও বিয়পি গৈছিল (চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক high grade B cell lymphoma with metastasis বুলি কোৱা হয়।)।

চিকিৎসালয়ৰ মুখপাত্ৰগৰাকীৰ বক্তব্যৰে প্ৰতিৱেদনটোত আৰু কোৱা হৈছে, ‘‘জুলাইৰ ২৮ তাৰিখে তেওঁক চিকিসালয়ত ভৰ্তি কৰা হৈছিল আৰু বুধবাৰে আবেলি ৪-৩৫ তেওঁৰ দেহাৱসান হয়।’’চিকিৎসায়লখনৰ সূত্ৰই আৰু জনাইছে যে ‘নিম্ন ৰক্তচাপ আৰু কোষীয় পৰিপাক বিজুতিৰ বাবে আভ্যন্তৰীণ অংগসমূহ বিকল হোৱাৰ ফলত’ (septic shock with multi-organ failure) কেন্দ্ৰীয় মন্ত্ৰী আৰু মেঘালয়ৰ ৰাজ্যপাল হিচাপে কাৰ্য নিৰ্বাহ কৰা ভীষ্ম নাৰায়ণ সিঙৰ মৃত্যু হয়।

১৯৮৪ৰ পৰা ১৯৮৯ লৈকে অসমৰ ৰাজ্যপাল হিচাপে কাৰ্য নিৰ্বাহ কৰা সময়ত ভীষ্ম নাৰায়ণ সিঙে ‘অসম চুক্তি’ ৰূপায়ণৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা ব্যক্তিসকলৰ মাজৰ এগৰাকী আছিল। এগৰাকী নিষ্ঠাৱান গান্ধীবাদী সিং উত্তৰ-পূৰ্বীয় পৰিষদৰ অধ্যক্ষও আছিল।

তেওঁৰ মৃত্যুৰ বাতৰি পৰাৰ লগে লগে বিভিন্ন মহলৰ পৰা শোকবাৰ্তা আহি আছে। মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড ছাংমাই তেওঁৰ শোকবাৰ্তাত কৈছে, ‘‘প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ভীষ্ম নাৰায়ণ সিঙৰ মৃত্যুৰ বাতৰিয়ে আমাক মৰ্মাহতকৰি তুলিছে। মেঘালয়ৰ জনসাধাৰণৰ হৈ মই তেওঁৰ শোক সন্তপ্ত পৰিয়ালৰ সদস্যসকললৈ  আমাৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। নতুন দিল্লীত অভিলেখ সময়সীমাৰ ভিতৰত ৯ম এছিয়ান গে’মছ অনুষ্ঠিত কৰি ক্ৰীড়াৰ আন্তঃগাঁথনি এটা প্ৰতিষ্ঠা কৰা আৰু কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত কৰাত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক সদায় স্মৰণ কৰা হ’ব। মেঘালয়লৈ তেওঁ আগবঢ়োৱা অসমান্য অৱদানৰ বাবে তেওঁক স্মৰণ কৰা হ’ব। মই তেওঁৰ মৃত্যুত মোৰ গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেওঁৰ বিদেহী আত্মাই শান্তি লাভ কৰক!’’

অসমৰ ৰাজ্যপাল জগদীশ মুখীয়েও অসমৰ প্ৰাক্তন ৰাজপালগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে। প্ৰায় তিনি দশক ধৰি সি সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটীৰ সদস্য আছিল। এটি শোকবাৰ্তাত কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে মন্তব্য কৰিছে যে সিঙৰ মৃত্যুৱে কংগ্ৰেছ পৰিয়ালত এটা বিৰাট শূন্যতাৰ সৃষ্টি কৰিলে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং আৰু ভাৰতৰ প্ৰাক্তন ৰাজ্যপান প্ৰণৱ মুখাৰ্জীয়েও অসমৰ প্ৰাক্তন ৰাজ্যপালগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে।