• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অসমৰ সাৰ্বভৌমত্বৰ বিষয়ত পৰেশ বৰুৱাক পাৱাৰ পইণ্ট প্ৰেজেণ্টেইশ্যন এটা কিয় দিবলৈ দিব নোৱাৰি!

ধ্ৰুৱাৰ্ক চৌধুৰী by ধ্ৰুৱাৰ্ক চৌধুৰী
May 12, 2018 4:31 pm
Paresh-Baruah-300x213

আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাধীন অসমৰ দাবীৰে সশস্ত্ৰ সংগ্ৰামৰ পাতনি মেলা আলফাৰ প্ৰতিষ্ঠাতা পৰেশ বৰুৱাৰ সপক্ষে অসমক ভাৰতৰ পৰা পৃথক বুলি ভাবিবলৈ তেওঁ কৈ থকা ইয়াণ্ডাবু জাতীয় কথাবোৰ বাদ দিও দুটা যুক্তি আছে –

যুক্তি ১। অসমত নাগৰিকত্ব নিৰূপণৰ তাৰিখ ভাৰতৰ আটাইবোৰ ৰাজ্যতকৈ পৃথক। এক ৰাষ্ট্ৰ, এক বজাৰ, এক জাতি, এক ধৰ্ম, এক ভাষা, এক টেক্স যদি হ’ব পাৰে- একেখন ৰাষ্ট্ৰত দুটা নাগৰিকত্ব নিৰূপণৰ তাৰিখ কেনেকৈ হ’ব! অন্ততঃ নাগৰিকত্ব নিৰূপণৰ তাৰিখ এখন ৰাষ্ট্ৰত দুটা হ’ব নোৱাৰে। গতিকে ভাৰত চৰকাৰে হয় তাৰিখ এক কৰক, নহয় অসম ভিন্ন ৰাষ্ট্ৰ বুলি কওক।

যুক্তি ২। সাংস্কৃতিকভাৱে অসম ভাৰতৰ লগত অংগাংগীভাৱে জড়িত হৈ আছে । হয়তো আছে- মিথ’ল’জিকেলিও। আছে বা থাকেই বাৰু- গৌতম বুদ্ধ ক্ৰছ-কাণ্ট্ৰি ৱাকাৰ আছিল নিচিনা কথা আৰু। কিন্তু অসমৰ জাতীয় উৎসৱ বিহু আৰ্য্যমূলীয় নহয় (নৰ্থ ইষ্ট নাওতেই এই বিষয়ে পূৰ্বে দীঘলকৈ লিখা হৈছে )- অৰ্থাৎ ভাৰতৰ মূল ভূখণ্ডৰ লগত বিহুৰ বহু দূৰ দূৰণিলৈ কিছমত কানেকচনো নাই। গতিকে অসমৰ মূল সাংস্কৃতিক পৰিচয়টোৱে ভাৰতৰ অন্য প্ৰান্তৰৰ পৰা সম্পূৰ্ণ পৃথক- এইটো অত্যন্ত তাৎপৰ্যপূৰ্ণ কথা।

ইতিমধ্যেই বৰুৱাই অতকাল আলোচনাৰ বাবে দি অহা তিনিটা চৰ্তৰ দুটা বৰডুমচাত আলফাৰে সংঘৰ্ষত নিহত অ’ চি ভাস্কৰ কলিতাৰ মৃত্যুৰ পাছতে কলিতাৰ পিতৃৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ড্ৰপ কৰিছে। সাৰ্বভৌমত্বৰ ওপৰত সন্মানজনক আলোচনা হ’লে তেওঁ আলোচনালৈ আহিবলৈ সন্মতি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধিৰ উপস্থিতিত এই আলোচনা হ’ব লাগিব আৰু তৃতীয় ৰাষ্ট্ৰত আলোচনা হ’ব লাগিব- এই চৰ্ত দুটাৰ প্ৰসংগ এইবাৰ তেওঁ মুঠেই উল্লেখ কৰা নাই। গতিকে ধাৰণা কৰিব পাৰি, দীৰ্ঘকালীন জটিল সমস্যাটো সমাধানৰ বাবে তেওঁ বহু দূৰ নমনীয় হৈছে।

এনে পৰিপ্ৰেক্ষিতত গোটেই কথাটো নিৰ্ভৰ কৰিছে- নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ এইক্ষেত্ৰত প্ৰকৃত সদিচ্ছা কিমান! নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টখনৰ সমান্তৰালকৈ পৰেশ বৰুৱাৰ লগত আলোচনা এটা হ’বই লাগিব বুলি মোদী ডাঙৰীয়াই ভাবেনে? দীৰ্ঘকালীন জটিল সমস্যা এটাৰ সমাধানৰ স্বাৰ্থত সাৰ্বভৌমত্বৰ বিষয়ে পৰেশ বৰুৱাক পাৱাৰ পইণ্ট প্ৰেজেণ্টেইশ্যন এটা কিয় দিবলৈ দিব নোৱাৰি! বৰুৱাৰ দাবীক মানি ল’বই লাগিব বুলিতো কোনো কথা নাই, এটা প্ৰেজেণ্টেইশ্যনহে মাত্ৰ! এটা প্ৰেজেণ্টেইশ্যনৰ বাবে ইমানবোৰ বাক-বিতণ্ডা, ৰক্তপাত-প্ৰাণহানি আচৰিত নহয়নে!

ইতিমধ্যেই আলোচনাপন্থী আলফায়েই চৰকাৰ আৰু আলফাৰ মাজৰ আলোচনাটোক ভেকো-ভাওনা বুলিছে। আলোচনাপন্থী শিবিৰে স্বীকাৰ নকৰিলেও আলোচনাপন্থী আলফাত বিভাজন হৈছে। অৰবিন্দ ৰাজখোৱাক লৈ অসন্তুষ্টি বাঢ়িছে।

এইপিনে চৰকাৰ আৰু আলফাৰ মাজত চলি থকা আলোচনাৰ পৰা মূল সমস্যাটোৰ যে ওৰ নপৰে সেয়া স্পষ্ট হৈ পৰিছে। পৰেশ বৰুৱাৰ নেতৃত্বত পুনৰ আলফা (স্বাধীন) নামেৰে আলফা পূৰ্বৰ দৰেই ঠন ধৰি উঠিছে। ইয়ে ইংগিত কৰে যে পৰেশ বৰুৱা অবিহনে এই আলোচনাৰ কোনো অৰ্থ নাই।

মই ভাবোঁ, পৰেশ বৰুৱাক সাৰ্বভৌমত্বৰ ওপৰত এটা পাৱাৰ পইণ্ট প্ৰেজেণ্টেইশ্যন দিবলৈ ভাৰত চৰকাৰে সুযোগ দি সুদীৰ্ঘ কালৰ জটিল সমস্যাটোৰ ওৰ পেলাব লাগে। ভাৰত চৰকাৰৰ লগতে অসমৰ প্ৰতিজন জনতাকে সেই প্ৰেজেণ্টেইশ্যন চোৱাৰ আৰু শুনাৰ সুযোগো দিয়া হওক। অসমৰ ৰাইজেও মতামত দিয়ক সেই ব্যাখ্যা চাই-শুনি আৰু পৰেশ বৰুৱাই ৰাইজৰ সেই বাণীকেই শিৰোধাৰ্য কৰি সিদ্ধান্ত লওক। যদি সাৰ্বভৌমত্ব পোৱাও নাযায় ( বৰ্তমান সময়ত বিশ্ব ব্যৱস্থালৈ চালে অনুমান হয় জাতি, সাৰ্বভৌমত্বতকৈ এক বিশ্ব, এক বিশ্ব নাগৰিক ধৰণৰ কথাবোৰ বেছি যথাৰ্থ যেন লাগে ), পৰেশ বৰুৱাই ভাৰত ৰাষ্ট্ৰৰ পৰা দুটা কথা বিচাৰিয়েই যুদ্ধখন মোৰ মতে সামৰিব লাগে।

এক- প্ৰথমতে যিটো ক’লোঁ- অসমতো নাগৰিকত্ব নিৰূপণৰ তাৰিখ ভাৰতৰ অন্য ৰাজ্যৰ সৈতে একে হ’ব লাগিব।

দুই- ১৮২৬ ৰ ২৪ ফেব্ৰুৱাৰিলৈ অসমত বসতি কৰা লোকসকল অসমৰ খিলঞ্জীয়া লোক আৰু এই খিলঞ্জীয়া সকলৰহে কেৱল অসম ভূখণ্ডত ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক অধিকাৰ থাকিব- এইটো নিশ্চিত কৰিব লাগিব। এই দুটা চৰ্ত মাত্ৰও যদি তেখেতে আদায় কৰিব পাৰে অসম স্বাধীন কৰিব নালাগে, অসমীয়াই এই দুটা কথাৰ বাবেই তেওঁক কাললৈ লাচিতৰ দৰেই সুঁৱৰি থাকিব। অসমৰ বাবে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা এটাও বিচাৰিব পাৰিলে আৰু ভাল। এয়াও উত্থাপন কৰক। প্ৰথম দুটা আদায় কৰি এটাটো এৰা-ধৰাৰে থৈ আহিলেও ইনাৰ লাইনৰ ব্যৱস্থাটো আমি পিছত কৰি ল’ব পাৰিম।

আমোদজনক কথা এটা এইখিনিতে উনুকিয়াই থ’ব খুজিছোঁ- পৰেশ বৰুৱাই দীৰ্ঘকাল স্বাধীন অসম লাগে নে নালাগে সেই সন্দৰ্ভত গণভোটৰ দাবী কৰি আহিছে। গণভোটৰ এই দাবী উত্থাপন হৈ থাকোতেই পোন্ধৰ বছৰ কাল তৰুণ গগৈয়ে মুখ্য মন্ত্ৰিত্ব কৰি গণভোটক নাকচ কৰি আহিলে। আজি হঠাৎ নাগৰিকত্ব বিধেয়ক লাগে নে নালাগে তাক লৈ গণভোটৰ দাবী কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। স্মৰ্তব্য যে ছিলেট জিলাখন অসমৰ লগত থাকিব নে নাথাকে তাকে লৈ দেশ বিভাজনৰ সময়ত ছিলেট জিলাৰ লোকসকলৰ মাজত পূৰ্বতে এবাৰেই এই প্ৰান্তৰত গণভোট অনুষ্ঠিত হৈছিল ।

ধ্ৰুৱাৰ্ক চৌধুৰী, গুৱাহাটীস্থিত এজন লেখক।

ই-মেইল : [email protected]

ধ্ৰুৱাৰ্ক চৌধুৰী

ধ্ৰুৱাৰ্ক চৌধুৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

August 25, 2025 8:17 pm
বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

August 25, 2025 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd