• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ স্বাৰ্থতকৈ বিজেপিৰে মিত্ৰতা ডাঙৰ নহয় : বিধায়ক সত্যব্ৰত কলিতা

পুলেন দাস by পুলেন দাস
March 11, 2018 7:47 pm
SatyabrataKalita

অগপ বিধায়ক সত্যব্ৰত কলিতাৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ জৰিয়তে অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব দি অসমত সংস্থাপন কৰিবলৈ ওলোৱাৰ প্ৰতিবাদত আজি চৰকাৰৰ অন্যতম মিত্ৰ দল অগপই বৰপেটাত এখন নাগৰিক সভা অনুষ্ঠিত কৰে।

বৰপেটা জিলা অগপৰ উদ্যোগত স্থানীয় তৰুণৰাম ফুকন স্মৃতিগৃহত অনুষ্ঠিত নাগৰিক সভাখনত বিশিষ্ট নাগৰিক, বুদ্ধিজীৱী, বিভিন্ন জাতীয় সংগঠনৰ প্ৰতিনিধিও উপস্থিত থাকে। নাগৰিক সভাখনত অংশ গ্ৰহণ কৰি অগপৰ উপ-সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ তীব্ৰ বিৰোধিতা কৰে। অসমৰ ক্ষতি হ’ব পৰা কোনো কাৰ্যকে অগপই সমৰ্থন নকৰে বুলি দাসে স্পষ্ট কৰি দিয়ে।

আনহাতে সভাখনত অংশগ্ৰহণ কৰা কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই নিজৰ বক্তব্যত ”অসমৰ স্বাৰ্থতকৈ বিজেপিৰে মিত্ৰতা ডাঙৰ নহয়।” বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

তেওঁ কয় যে বিজেপিৰ সৰ্বভাৰতীয় নেতাৰ লগতে ৰাজ্যিক বিজেপিৰ নেতাসকলে অবৈধ হিন্দু বাংলাদেশীক সংস্থাপন কৰাৰ বিষয়টো নিশ্চয় পুনৰ বিবেচনা কৰিব। এই ক্ষেত্ৰত বিজেপিৰ নেতা সকলৰ শুভবুদ্ধি উদয় হব বুলি আশা প্ৰকাশ কৰে কলিতাই। যদি হে অবৈধ হিন্দু বাংলাদেশীক সংস্থাপন কৰাৰ বিষয়টো সন্দৰ্ভত বিজেপিয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে অগপই লগে লগে মিত্ৰতা ভংগ কৰিব বুলিও কয় বিধায়কজনে।

মন কৰিব লগীয়া যে সভাখনত উপস্থিত থকা বিশিষ্ট চিকিৎসক ডাঃ কমল কৃষ্ণ দাসে চৰকাৰৰ সৈতে চামিল হৈ অসম ধবংসকাৰী সিদ্ধান্তত অগপই কিমান পৰ্য্যায়লৈকে বিৰোধিতা কৰিব বুলি নিজৰ সন্দেহ ব্যক্ত কৰে। তেওঁ সময় থাকোতে অগপই এই বিষয়টোৰ সন্দৰ্ভত বিজেপিক নিৰ্দ্দিষ্ট সময় সীমা ধৰি দিয়া উচিত বুলি কয়। যদিহে উক্ত সময় সীমাৰ ভিতৰত বিজেপিয়ে অবৈধ হিন্দু বাংলাদেশীক সংস্থাপন কৰাৰ বিষয়টো বাদ নিদিয়ে তেন্তে অগপই বিজেপিৰ সৈতে থকা মিত্ৰতা ভংগ কৰাটো উচিত বুলি চিকিৎসক গৰাকীয়ে মন্তব্য কৰে।

বৰপেটা সমষ্টিৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অবৈধ হিন্দু বাংলাদেশীক সংস্থাপন কৰিব বিচৰা বিষয়টোৰ তীব্ৰ বিৰোধিতা কৰে আৰু অসম চুক্তিৰ আধাৰত অসমত অবৈধ বিদেশী নাগৰিকৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰক দাবী জনায়। সভাত জিলা অগপৰ সম্পাদক ধনজিৎ পাঠক, চিত্তৰঞ্জন বৰ্মনৰ লগতে কেইবাগৰাকী নেতা আৰু পাঁচ শতাধিক কৰ্মী উপস্থিত আছিল।

পুলেন দাস

পুলেন দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd