অসমৰ ৰাজকোষৰ ওপৰত বোজা : কোনে বহন কৰিব এই ব্যয় ?

Joined-Photo-570x320

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ নতুন ঘৰৰ ঠিকনা হৈছে আগৰতলাৰ চিপিএমৰ মুখ্য কাৰ্যালয়।

উনসত্তৰ বছৰ বয়সীয়া সৰকাৰ আৰু তেওঁৰ পত্নী পাঞ্চালী ভট্টাচাৰ্যই মাৰ্ক্স-এংগেলছ সৰণিত থকা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ বাসভৱনটো খালি কৰি দিছে। এইটোৱে আছিল বিগত ২০ বছৰ ধৰি তেওঁলোকৰ ঘৰৰ ঠিকনা।

দুয়োজনে মেলাৰমথত থকা দশৰথ দেৱ ভৱনলৈ ৰাওনা হৈছে। তেওঁৰ নতুন ঘৰত আছে মাত্ৰ দুটা কোঠা য’ত পাকঘৰৰ সঠিক ব্যৱস্থা নাই। মাৰ্ক্স-এংগেলছ সৰণিৰ পৰা প্ৰায় আধা কিলোমিটাৰ দূৰত্বত থকা এটা অতিথিশালাৰ এটা অংশ এই ঘৰটো।

একেবাৰে বুনিয়াদী সুবিধাযুক্ত চিপিএমৰ অতিথিশালালৈ ৰাওনা হোৱাৰ পিছত জানিব পৰা মতে সৰকাৰে ৰান্ধনিটোক কৈছিল যে তেওঁ দলৰ কাৰ্যালয়ৰ ৰান্ধনিশালত যি ৰন্ধা হয় তাকেই খাব।

নতুন চৰকাৰখনে সৰকাৰৰ বাবে থকাৰ ব্যৱস্থা কৰি নিদিয়ালৈকে সৰকাৰ দম্পতি চিপিএমৰ মুখ্য কাৰ্যালয়ৰ তৃতীয় মহলাৰ এটি অতিথিগৃহতে থাকিব।

মানিক সৰকাৰৰ বিপৰীতে, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ দক্ষিণ প্ৰান্তৰ কইনাধৰাত থকা তেওঁৰ চৰকাৰী বাসভৱনটো ক্ষমতাৰ পৰা অপসাৰিত হোৱাৰ দুবছৰ পিছতো খালি কৰি দিয়া নাই।

 

গুৱাহাটীৰ চাৰ্ভে, বেলতলাত থকা তৰুন গগৈৰ বাসভৱনটো

আনহাতে, অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উজান বজাৰৰ আনটো ৰাজ্যিক অতিথিশালা দখল কৰি আছে। এইটো এতিয়া মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱন।

ব্ৰহ্মপুত্ৰ হোটেলক ৰাজ্যিক অতিথি ৰখাৰ বাবে ৰাজ্যিক অতিথিশালালৈ সলনি কৰা হৈছে।

গগৈৰ বাবেই ৰাজ্যিক অতিথিশালাটো মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনলৈ আৰু হোটেলখন এটা ৰাজ্যিক অতিথিশালালৈ সলনি কৰিবলগীয়া হ’ল।

প্ৰাক্তন আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী দুয়োগৰাকীয়েই দুটা অতিথিশালাত থকাৰ বাবে ৰাজ্যিক অতিথিসকলক মহানগৰৰ কোনো এখন পঞ্চতাৰকাযুক্ত হোটেলত থকাৰ ব্যৱস্থা কৰি দিবলগীয়া হৈছে। এইটোৱে ৰাজ্যৰ ৰাজকোষৰ ওপৰত বোজা বৃদ্ধি কৰিছে।

ৰাজ্যৰ ৰাজকোষ যেতিয়া ইতিমধ্যে তলি উদং হোৱাৰ পৰ্যায়ত তেনে ক্ষেত্ৰত অতিথিসকলক মহানগৰীৰ ব্যয়বহুল বিলাসী হোটেলত ৰখাৰ প্ৰয়োজন ক’ত। এইবোৰ অতিৰিক্ত ব্যয় চৰকাৰে কেনেদৰে বহন কৰি আছে?

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক চৰকাৰে আন এক বাসগৃহ প্ৰদান কৰিব লাগে আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী চৰকাৰী বাসভৱনলৈ যাব লাগে। এইটোৱে ৰাজ্যৰ ৰাজকোষক সকাহ দিয়াত সহায় কৰিব।