NORTHEAST NOW (Assamese)

অসমৰ ৰিয়ান পৰাগ ভাৰতৰ ১৯ অনূৰ্ধ্ব বিশ্বকাপ ক্ৰিকেট দললৈ নিৰ্বাচিত

December 3, 2017 5:59 pm · এন ই নাও নিউজ ব্যুৰো

অসমৰ প্ৰাক্তন ৰঞ্জি খেলুৱৈ পৰাগ দাসৰ পুত্ৰ ৰিয়ান পৰাগ দাসে নিউজিলেণ্ডত অনুষ্ঠিত হ’বলগীয়া আগন্তুক  ১৯ অনূৰ্ধ্বৰ বিশ্বকাপ ক্ৰিকেটত ভাৰতীয় দলৰ হৈ খেলাৰ সুযোগ লাভ কৰিছে। উল্লেখযোগ্য যে চলিত বৰ্ষৰ জুলাই মাহত ৰিয়ানে ১৯ অনূৰ্ধ্ব ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি ইংলেণ্ডৰ বিৰুদ্ধে উন্নতমানৰ প্ৰদৰ্শন ডাঙি ধৰিছিল। ইংলেণ্ডৰ সৈতে হোৱা শৃংখলাটোত চাৰিখন খেলৰ ভিতৰত তিনিটা অৰ্ধ শতকেৰে মুঠ ১৭৮ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৰিয়ান। ইংলেণ্ডৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰা বাবে বি চি চি আয়ে পুনৰ ৰিয়ানক ১৯ অনূৰ্ধ্ব বিশ্বকাপত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিলে।

অসম ক্ৰিকেট দলৰ প্ৰাক্তন বলিং প্ৰশিক্ষক জাভেদ জামানে ৰিয়ান পৰাগৰ প্ৰশংসাত পঞ্চমুখ হৈ কয়, ‘আমি ৰিয়ানক লৈ বহু আশাবাদী, মই তেওঁক বেটিং কৰা দেখিছো আৰু তেওঁ যথেষ্ট কৌশলী বেটছমেন। মই নিশ্চিত যে অহা দুই তিনি বছৰৰ ভিতৰত ৰিয়ানে ভাৰতীয় জাতীয় দলৰ পোছাক পৰিধান কৰিব।’

বৰ্তমানৰ অসম ৰঞ্জি দলৰ প্ৰশিক্ষক জাকাৰিয়া জাফ্ৰিয়েও কয় যে ৰিয়ানৰ এই সাফল্য অসম ক্ৰিকেটৰ বাবে এৰ সুখবৰ। উল্লেখনীয় যে যোৱা সপ্তাহত ৰিয়ানে ইণ্ডিয়া ৰে’ড দলৰ হৈ মুম্বাইত অনুষ্ঠিত ১৯ অনূৰ্ধ্ব চেলেঞ্জাৰ ট্ৰফিত শতক অৰ্জন কৰিছিল।

Related News