NORTHEAST NOW (Assamese)

অসম আৰক্ষীত মহিলা নিযুক্তিৰ ক্ষেত্ৰত হ’ব নিয়ম সংশোধন; নাৰীৰ বিৰুদ্ধে অপৰাধে ৰাইজৰ আস্থা হ্ৰাস কৰিছে : মুখ্য মন্ত্ৰী সোণোৱাল

March 27, 2018 3:59 pm · এন ই নাও নিউজ

অসম আৰক্ষীত মহিলাসকলৰ নিযুক্তিৰ ক্ষেত্ৰত থকা নিয়মত সংশোধন অনাৰ সিদ্ধান্ত লৈছে চৰকাৰে।

মুখ্য মন্ত্ৰীৰ সভাপতিত্বত সোমবাৰে বহা এক বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৈঠকখনত ৰাজ্যৰ মুখ্য সচিব টি ৱাই দাস, আৰক্ষী সঞ্চালকপ্ৰধান মুকেশ সহায় আৰু ৰাজ্য প্ৰশাসনৰ অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধে ৰাইজৰ আস্থা হ্ৰাস কৰিছে বুলি জোৰ দি সোণোৱালে অপৰাধীসকলক কঠোৰ শাস্তি বিহাৰ পোষকতা কৰে আৰু এনে অপৰাধৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে ব্যৱস্থা ল’বলৈ মুখ্য সচিবক নিৰ্দেশ দিয়ে।

নাৰীৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত ক্ষীপ্ৰ ব্যৱস্থা ল’বলৈ এক সুকীয়া কোষ গঠনৰ বাবে আৰু এনে সকলো গোচৰতে খৰতকীয়া তদন্ত নিশ্চিত কৰাৰ বাবেও মুখ্য মন্ত্ৰীয়ে আৰক্ষী সঞ্চালকক নিৰ্দেশ দিয়ে।

নিয়ম অনুসৰি বিষয়া আৰু কনিষ্টবলক ধৰি অসম আৰক্ষীত ৩০ শতাংশ মহিলা থাকিব লাগে। কিন্তু শাৰীৰিক পৰীক্ষাত সফল হ’ব নোৱৰাৰ বাবে মহিলা উপ-পৰিদৰ্শক পৰ্য্যায়ত বহুবিলাক পদ খালী হৈ আছে।

সেয়ে ৰাজ্যিক আৰক্ষী বাহিনীত নিযুক্তিৰ ক্ষেত্ৰত অসম চৰকাৰে নিয়ম সংশোধনীৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

 

Related News