অসমত দুবছৰত বৃদ্ধি পাইছে ৫৬৭ বৰ্গ কিলোমিটাৰ বনাঞ্চল : কেন্দ্ৰীয় প্ৰতিবেদন

forest assam

কেন্দ্ৰীয় বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী হৰ্ষবৰ্দ্ধনে মুকলি কৰা এখন প্ৰতিবেদনত অসমত বনাঞ্চল বৃদ্ধি পোৱাৰ কথা প্ৰকাশ পাইছে। ২০১৭ চনৰ ‘ইণ্ডিয়া ষ্টেট অফ ফৰেষ্ট’ শীৰ্ষক প্ৰতিবেদন অনুসৰি বিগত দুবছৰ অসমত ৫৬৭ বৰ্গ কিলোমিটাৰ বনাঞ্চল বৃদ্ধি পাইছে।

প্ৰতি দুবছৰৰ অন্তৰত কেন্দ্ৰীয় চৰকাৰে দেশৰ বনাঞ্চল সম্পৰ্কত প্ৰতিবেদন প্ৰকাশ কৰি আহিছে। অসমৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি আশাৰ সঞ্চাৰ কৰি এইবাৰৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ৰাজ্যখনৰ সেউজ ভূমি বৃদ্ধিৰ বতৰা।

সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষবৰ্দ্ধনে প্ৰকাশ কৰা ২০১৭চনৰ প্ৰতিবেদনখনৰ সৱিশেষ তথ্য অনুসৰি অসমত বৰ্তমান বনাঞ্চলৰ পৰিমান ২৮,১০৫ বৰ্গ কিলোমিটাৰ। ২০১৫ চনত ইয়াৰ পৰিমান আছিল ২৭,৫৩৮ বৰ্গ কিলোমিটাৰ।

উল্লেখযোগ্য যে ২০১৫ চনৰ প্ৰতিবেদনত অসমত ৪৮ বৰ্গ কিলোমিটাৰ বনভূমি হ্ৰাস পোৱাৰ তথ্য প্ৰকাশ পাইছিল। প্ৰতিবেদন অনুসৰি বৰ্তমান অসমৰ মাটিকালিৰ ৩৫.৮৩ শতাংশ বনভূমি।

প্ৰতিবেদনখনত প্ৰকাশ পোৱা অনুসৰি অসম আৰু মণিপুৰৰ বাহিৰে উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যকেইখনত বনাঞ্চলৰ পৰিমান হ্ৰাস পাইছে। যোৱা দুবছৰত অৰুণাচলত ১৯০, মেঘালয়ত ১১৬, মিজোৰামত ৫৩১, নাগালেণ্ডত ৪৫০, ত্ৰিপুৰাত ১৬৪ আৰু ছিকিমত ৯ বৰ্গ কিলোমিটাৰ বনভূমি হ্ৰাস পাইছে।

অসমত সামগ্ৰিকভাৱে বনাঞ্চলৰ পৰিমান বৃদ্ধি পাইছে যদিও ৰাজ্যখনৰ সাতখন জিলাত বনভূমিৰ পৰিমান হ্ৰাস পাইছে। এই জিলাকেইখন হৈছে ডিমা হাচাও, কোকৰাঝাৰ, গোৱালপাৰা, শিৱসাগৰ, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ। ইয়াৰ ভিতৰত ডিমা হাচাওত সৰ্বাধিক ৪৫ বৰ্গ কিলোমিটাৰ বনভূমি হ্ৰাস পাইছে।

ইয়াৰ বিপৰীতে বনভূমি বৃদ্ধি পোৱা জিলা কেইখনৰ ভিতৰত আছে হৈছে নগাঁও, শোণিতপুৰ, গোলাঘাট, বঙাইগাঁৱ আৰু চিৰাং। যোৱা দুবছৰ নগাঁও জিলাত সৰ্বাধিক ১৩০ বৰ্গ কিলোমিটাৰ বনভূমি বৃদ্ধি পাইছে।

অসমত বনাঞ্চল বৃদ্ধি পোৱাৰ কাৰণ হিচপে যোৱা দুবছৰত ৰাজ্যখনত ব্যাপক হাৰত বনানীকৰণ (গছ পুলি ৰোপণ) বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে।