অসম ক্ৰিকেটত ব্যতিক্ৰম ঘটনা : একেটা দলতে খেলিলে মাতৃ-কন্যা

karimganj-cricket-570x320

অসমৰ ক্ৰীড়া জগতৰ বাবে এক বিচিত্ৰকৰ খবৰ। মাতৃ আৰু কন্যা দুয়োগৰাকীয়ে একেটা দলৰ হৈ খেলিলে ক্ৰিকেট । শুণিবলৈ আশ্চৰ্যকৰ যদিও এয়া সত্য। এই ব্যতিক্ৰমী দৃশ্য উপভোগ কৰিলে বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ ক্ৰিকেট প্ৰেমীসকলে।

কৰিমগঞ্জ জিলাৰ বদৰপুৰ অঞ্চলৰ জুমবস্তিৰ নিবাসী মন্দিপা কাইৰী আৰু তেওঁৰ জীয়ৰী বহ্নিশিখাই বংগশ্ৰী ক্লাবৰ হৈ প্ৰতিনিধিত্ব কৰি এখন মেচত অংশগ্ৰহণ কৰে।

সম্প্ৰতি কৰিমগঞ্জ জিলা সংস্থাই আয়োজিত মহিলা ক্ৰিকেট টুৰ্ণামেণ্টত এই দুয়োগৰাকী খেলুৱৈয়ে একেটা দলৰ হৈ অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে ক্ৰিকেটৰ প্ৰতি দুৰ্বলতা থকা মন্দিপাই সৰুৰে পৰা খেলি আহিছে জনপ্ৰিয় খেল ক্ৰিকেট। মন্দিপাই বুলেট ক্লাবত অন্তৰ্ভুক্ত হোৱাৰ পাছৰে পৰা বদৰপুৰত অলেখ সংখ্যক ক্ৰিকেট মেচ খেলাৰ লগতে বিভিন্ন আমন্ত্ৰণমূলক প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছে।

ইয়াৰ উপৰি তেওঁ ১৯৯৭ চনত অসম ক্ৰিকেট দলকো প্ৰতিনিধিত্ব কৰিছিল। তেওঁ অসমৰ হৈ একমাত্ৰ খেলখন খেলিছিল উৰিষ্যাৰ বিৰুদ্ধে।

আনহাতে ২০১০ চনত হোৱা আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাতো মন্দিপাই কৰিমগঞ্জ জিলাৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। কিন্তু বিবাহ পাশত আবদ্ধ হোৱাৰ পাছৰে পৰা ক্ৰিকেট জগতৰ পৰা আতৰি গৈছিল মন্দিপা।

কিন্তু গিৰিয়েকৰ আকস্মিক মৃত্যুৰ পাছৰে পৰা তেওঁ পুনৰ ক্ৰিকেট জগতলৈ ঘুৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ক্ৰিকেটৰ প্ৰতি থকা দুৰ্বাৰ হেপাহৰ ফলতেই দ্বিতীয়বাৰৰ বাবে ক্ৰিকেট জগতলৈ ঘুৰি অহা মন্দিপাই তেওঁৰ পুত্ৰ আৰু জীয়ৰীকো ক্ৰিকেট খেললৈ আনে।

আৰু অৱশেষত মন্দিপাই নিজৰ মনোকামনা পূৰণ কৰি নিজৰ কন্যাৰ লগত একেটা দলতে খেলি সকলো দৰ্শককে আপ্লুত কৰে।

উল্লেখ্য যে মন্দিপাৰ কন্যা বহ্নিশিখাও নিজৰ প্ৰতিভাৰ উমান দি ভৱিষ্যতত নিজ মাতৃৰ দৰে এগৰাকী সফল ক্ৰিকেটাৰ হ’ব পাৰিব বুলি সকলোৱে আশা ব্যক্ত কৰে।