অসম চৰকাৰে বাতিল কৰিব শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ সম্পৰ্কীয় দুখন আইন; সদনত উত্থাপন বিধেয়ক

Himanta Biswa Sarma

অসম জুনিঅ’ৰ কলেজ (প্ৰাদেশিকীকৰণ) আইন, ২০১২ আৰু অসম মাধ্যমিক শিক্ষা (প্ৰাদেশিকীকৰণ) আইন, ১৯৭৭ বাতিল কৰিবৰ বাবে আজি ৩ এপ্ৰিলত বিধান সভাত চৰকাৰে দুখন বিধেয়ক উত্থাপন কৰে। অকামিলা হৈ পৰাৰ বাবেই এই আইন দুখন বাতিল কৰিব খোজা হৈছে বুলি জনাইছে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে বিধেয়ক দুখন সদনত উত্থাপন কৰে।

অসম জুনিঅ’ৰ কলেজ (প্ৰাদেশিকীকৰণ) আইন, ২০১২ বাতিল কৰা সন্দৰ্ভত শিক্ষা মন্ত্ৰী শৰ্মাই কয় যে ৫৩ খন কলেজত শিক্ষক আৰু কৰ্মচাৰীৰ সেৱা প্ৰাদেশিকীকৰণৰ লক্ষ্য পূৰণ কৰাৰ পিছত আইনখনৰ প্ৰয়োজনীয়তা নোহোৱা হ’ল।

আনহাতে ৰাজ্য চৰকাৰে অসম শিক্ষা (শিক্ষকসকলৰ সেৱা প্ৰাদেশিকীকৰণ আৰু শিক্ষা প্ৰতিষ্ঠানৰ পুনৰ গঠন) আইন, ২০১৭ গ্ৰহণ কৰাৰ পিছত অসম মাধ্যমিক শিক্ষা (প্ৰাদেশিকীকৰণ) আইন, ১৯৭৭ খনৰো প্ৰয়োজনীয়্তা নোহোৱা হ’ল বুলি জনাই শিক্ষা মন্ত্ৰীজনে।