NORTHEAST NOW (Assamese)

অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ফাদাৰ ষ্টেফেন মেভাৰলিক জীৱনজোৰা সাধনা বঁটা

February 14, 2018 6:00 pm · এন ই নাও নিউজ

তেপেছিয়াত অৱস্থিত অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ফাদাৰ ষ্টেফেন মেভাৰলিক নতুন দিল্লীস্থিত দ্যা কনফেদাৰেচন অব ইণ্ডিয়ান য়ুনিভাৰ্ছিটিছে জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিছে।

সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত চতুৰ্থতম আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতা সন্মিলনত ফাদাৰ মেভাৰলিক এই বঁটা প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে শিক্ষা ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁক সন্মানীত কৰা হয়।

তেওঁৰ নেতৃত্বত বিগত কেইটামান বছৰত অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ শিক্ষা, আন্তঃগাঁঠনিকে ধৰি সকলো ক্ষেত্ৰতে আমুল পৰিৱৰ্তন সাধন হৈছে।

কম সময়ৰ ভিতৰতে বিশ্ববিদ্যালয়খনে উত্তৰ-পূবৰ উপৰি বাহিৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ পছন্দৰ বিশ্ববিদ্যালয় সমূহৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

ইন্টাৰনেশ্বনেল এছ’চিয়েচন অব এডুকেট’ৰছ ফৰ ৱৰ্ল্ড পীচৰ অনুমোদন মৰ্মে কনফেদাৰেচন অব ইণ্ডিয়ান য়ুনিভাৰ্ছিটিছে উক্ত বঁটা প্ৰদান কৰি আহিছে।

ফাডাৰ মেভাৰলি দ্যা একাডেমিক কাউঞ্চিল ফ’ৰ মেচিভ অপেন অনলাইন ক’ৰ্চৰ  এজন সদস্য হিচাপেও নিৰ্বাচিত হৈছে।

Related News