• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম নেপালী সাহিত্য সভাৰ সভাপতি হৰি গজুৰেলৰ দেহাৱসান

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
April 11, 2018 4:59 pm
IMG-20180411-WA0030(1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম নেপালী সাহিত্য সভাৰ বৰ্তমানৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হৰি গজুৰেলৰ যোৱা নিশা বিশ্বনাথ চাৰিআলিৰ গলিয়াৰ নিজা বাসভৱনত দেহাৱসান ঘটে । বিশিষ্ট সাহিত্যিক গীতিকাৰ, কবি, অসমীয়া – নেপালী সমন্বয় সাহিত্যৰ আগশাৰীৰ অন্যতম বৰেণ্য ব্যক্তি, একালৰ আঞ্চলিকতাবাদী ৰাজনীতিৰ অগ্ৰনী নেতা, হৰি গজুৰেলৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সহস্ৰাধিক গুণমুগ্ধ গজুৰেলৰ বাসগৃহত উপস্থিত হয় ।

১৯৪৬ চনৰ ১ নৱেম্বৰত গলিয়াত জন্ম গ্ৰহণ কৰা স্নতকোত্তৰ ডিগ্রীধাৰী হৰি গজুৰেল শিক্ষকতা কৰাৰ লগতে অসমীয়া আৰু নেপালী সাহিত্যৰ সাধক আছিল । অৱসৰ গ্রহণৰ পিচত সাহিত্য চৰ্চাৰ উপৰিও আঞ্চলিকতাবাদ ৰাজনীতিতো জড়িত  গজুৰেলে ২০০৬ বিহালী সমষ্টিৰপৰা বিধায়কৰ পদৰ বাবে প্ৰতিদন্দ্বিতা কৰিছিল ।

ইয়াৰ পিচত ৰাজনীতিৰপৰা আঁতৰি সাহিত্যিকগৰাকীয়ে একাগ্ৰতাৰে সাহিত্য চৰ্চা কৰি “শব্দ বটুল্দৈ” (নেপালী কবিতা সংকলন), “বিচাৰ বিমৰ্ষ” (নিবন্ধ সংকলন), “মান্ছেকো কথা খোজ্দৈ” (কবিতা সংগ্ৰহ) আদি বহুকেইখন মূল্যবান গ্ৰন্থ ৰচনা কৰাৰ উপৰিও তেওঁৰ অসম, মেঘালয়, চিকিম, নেপালৰ পৰা প্ৰকাশিত বহুকেইখন পত্ৰিকাত অসমীয়া আৰু নেপালী ভাষাৰ গল্প, কবিতা আৰু সমীক্ষামূলক লিখনি নিয়মিতভাৱে প্ৰকাশ পাইছিল ।

ভাৰতীয় সাহিত্য একাডেমীৰ দ্বাৰা আয়োজন কৰা বিভিন্ন কৰ্মশালা, আলোচনা চক্ৰ আদি অনুষ্ঠানত সমল ব্যক্তি হিচাপে অংশ গ্রহণ কৰা সাহিত্যিক গজুৰেলে আকাশবাণী গুৱাহাটীৰ পৰা বাতৰি পৰিবেশন কৰাৰ লগতে কবিতা প্ৰসাৰৰ সুবিধা লাভ কৰিছিল। দৰং কলেজত অধ্যয়নৰত অৱস্থাত দৰং নেপালী ছাত্ৰ সন্থাৰ প্ৰভাত নামৰ মুখপত্ৰ সম্পাদন কৰাৰ লগতে তামাং বৌদ্ধ সন্মিলনৰ স্মৃতিগ্ৰন্থ “স্ব্যাৰ্গী নিকেতন”, “চিচ্যাউদা প্ৰহৰহৰু – ধৰ্মানন্দ (স্মৰণিকা), সমাজ প্ৰভাকৰ কমল পৰাজুলী (স্মৰণিকা), “আমা” (স্মৰণিকা), কবিতা সংকলন “পল্লৱ”, ৰাজ্যিক মাদক দ্রব্য নিবাৰণ পৰিষদৰ মুখপত্র “জনকল্যাণ” আদি পত্ৰ-পত্ৰিকা সম্পাদন কৰিছিল সাহিত্যিক গজুৰেলে ।

দৰং কলেজ নেপালী ছাত্ৰ সন্থা, অসম নেপালী ছাত্ৰ সন্থা (বৰ্তমানৰ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা),  অসম গোৰ্খা সন্মিলন, অখিল ভাৰতীয় নেপালী ভাষা সমিতি, নেপালী সাহিত্য পৰিষদ, অসম নেপালী সাহিত্য সভা, বিশ্বনাথ সাহিত্য পৰিষদ আদি বিভিন্ন অনুষ্ঠানত উচ্চ পদত  অধিষ্ঠিত হৈ সুখ্যাতিৰে কাৰ্য্য সম্পাদন কৰাৰ লগতে ২০১৬ চনৰ নৱেম্বৰত তিনিচুকীয়াৰ জাগুনত অনুষ্ঠিত অসম নেপালী সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈ কাৰ্য্য নিৰ্বাহ কৰি থকা প্ৰয়াত গজুৰেল দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ দিল্লীত চিকিৎসা গ্ৰহণ কৰি সুস্থ হৈ আহিছিল।

দৰং নেপালী ছাত্ৰ সন্থা, অসম নেপালী ছাত্ৰ সন্থা, অখিল ভাৰতীয় নেপালী ভাষা সমিতি, নেপালৰ সুদুৰ পশ্চিমাঞ্চল সাহিত্য সমাজ, অন্তৰঙ্গ গোষ্ঠী, বিশ্বনাথ জিলা প্ৰশাসন, বিশ্বনাথ আঞ্চলিক মইনা পাৰিজাত, বসন্ত স্মৃতি সংস্থান আদি বিভিন্ন সংস্থা সংগঠনৰ দ্বাৰা অভিনন্দিত সাহিত্যিক গজুৰেল ২০১১ চনত কুৱেইটৰ অভি-জমান স্মৃতি ট্ৰাষ্টৰ দ্বাৰা সৰ্বশ্ৰেষ্ঠ “সপৰিবাৰ” পত্ৰকাৰিতা পুৰষ্কাৰেৰে পুৰষ্কৃত  হবলৈ সক্ষম হৈছিল ।

এনে এগৰাকী মহান ব্যক্তিৰ বিয়োগত সমগ্র বিশ্বনাথতে শোকৰ ছাঁ পৰিছে। সাহিত্যিকগৰাকীৰ মৃত্যুত অসম নেপালী সাহিত্য সভা, বিশ্বনাথ জিলা নেপালী সাহিত্যি সভা, বিশ্বনাথ শাখা সাহিত্য সভা, সাহিত্য পৰিষদ, অসম নেপালী সাহিত্য সভাৰ বিশ্বনাথ নগৰ শাখা, বিশ্বনাথ, গলিয়া, বু়ঢ়ীগাং, গমিৰি, কাউৰীপথাৰ আদি শাখা সমিতি, অসম গোৰ্খা সন্মিলন, বিশ্বনাথ জিলা গোৰ্খা সন্মিলন, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, বিশ্বনাথ জিলা গোৰ্খা ছাত্ৰ সন্থা, আছু, যুৱ ছাত্ৰ পৰিষদ, টাইপা, কাৰ্বি ছাত্ৰ সন্থা, আছা, আটছা, নেপালী সমন্বয় সমিতি, বিশ্বনাথ নগৰ, অনুপম চিন্তন মঞ্চ, বসন্ত স্মৃতি সংস্থান, বিশ্বনাথ আঞ্চলিক মইনা পাৰিজাত আদি বিভিন্ন দল-সংগঠনৰ নেতৃবৃন্দ আৰু কৰ্মকৰ্তাসকলে গভীৰ শোক প্ৰকাশ কৰি বিদায়ী আত্মাৰ চিৰশান্তি কামনা কৰে। সহস্ৰাধিকলোকৰ উপস্থিতিত আজি প্ৰয়াত হৰি গজুৰেলৰ শেষকৃত্য সম্পন্ন কৰা হয় ।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চুইফট-এছ ইউ ভিৰ ভয়াবহ সংঘৰ্ষ; গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু ৮ জন লোকৰ

চুইফট-এছ ইউ ভিৰ ভয়াবহ সংঘৰ্ষ; গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু ৮ জন লোকৰ

August 18, 2025 8:18 am
ডাঙৰৰ মুখৰ ওপৰতে কথা কৈছে শিশুৱে! চাওক অভিভাৱকৰ বাবে চম্ভালাৰ ৫টা ফলপ্ৰসূ উপায়

ডাঙৰৰ মুখৰ ওপৰতে কথা কৈছে শিশুৱে! চাওক অভিভাৱকৰ বাবে চম্ভালাৰ ৫টা ফলপ্ৰসূ উপায়

August 18, 2025 7:34 am
তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

August 17, 2025 11:43 pm
ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম তেওঁলোকৰ : আৰ এছ এছক ‘ভাৰতীয় তালিবান’ আখ্যা কংগ্ৰেছ নেতাৰ

August 17, 2025 9:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চুইফট-এছ ইউ ভিৰ ভয়াবহ সংঘৰ্ষ; গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু ৮ জন লোকৰ

চুইফট-এছ ইউ ভিৰ ভয়াবহ সংঘৰ্ষ; গাড়ীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু ৮ জন লোকৰ

August 18, 2025 8:18 am
ডাঙৰৰ মুখৰ ওপৰতে কথা কৈছে শিশুৱে! চাওক অভিভাৱকৰ বাবে চম্ভালাৰ ৫টা ফলপ্ৰসূ উপায়

ডাঙৰৰ মুখৰ ওপৰতে কথা কৈছে শিশুৱে! চাওক অভিভাৱকৰ বাবে চম্ভালাৰ ৫টা ফলপ্ৰসূ উপায়

August 18, 2025 7:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd