অসম পৰ্যটন বিভাগে শীঘ্ৰেই টিপামত নিৰ্মাণ কৰিব চুক্যাফাৰ প্ৰতিমূৰ্তি

bhadoi1

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক টিপাম পাহাৰক অসম পৰ্যটন বিভাগে পৰ্যটন উদ্যোগৰ অধীনত অন্তৰ্ভুক্ত কৰিছে। শেহতীয়াকৈ টিপামৰ প্ৰতি চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে। ২০১৭ বৰ্ষত টিপামত চৰকাৰীভাৱে অসম দিৱস পালন কৰি এই ঐতিহাসিক ঠাইখনক অসমত পৰিচিত কৰি তোলা হৈছিল। তেতিয়াৰে পৰা অসমৰ মানচিত্রত টিপামক পৰ্যটন ক্ষেত্ৰলৈ উন্নীত কৰাৰ প্ৰচেষ্টা এটা আৰম্ভ হৈছিল।

‘টিপাম চ্যুাকাফা পৰ্যটন প্ৰকল্প’ সমিতিয়ে বহুদিনৰ পৰাই এইক্ষেত্ৰত আগভাগ লৈ আহিছে। টিপামৰ পৰ্যটন প্ৰকল্প হিচাবে গঢ়ি তুলিব পৰাকৈ যি সমল আছে তাৰ সবিশেষ দাঙি ধৰি প্ৰকল্প সমিতিখনে অসমৰ মুখ্যমন্ত্রীক এখনি স্মাৰক-পত্র প্ৰদান কৰি‌ছ‌িল।

চৰকাৰে আলি-পদূলি, ক্ষেত্র পৰিদৰ্শনৰ কাম ইতিমধ্যেই সম্পন্ন কৰাৰ লগতে যোৱা ১৮ মে’ৰ দিনা প্ৰকল্প সমিতিৰ ইদুল গগৈ, টুপিধৰ চাংমাই, প্ৰদীপ কোঁৱৰ, কান্তেশ্বৰ গগৈ, ৰনজিত গগৈ, মানস প্ৰতীম গগৈৰ সহযোগত ডিব্ৰুগড়ত গড়কাপ্তানী বিভাগৰ (গৃহ) কনিষ্ঠ অভিযন্তা আনন্দ শইকীয়াই টিপামৰ ক্ষেত্র পৰিদৰ্শন কৰে।

টিপামত দুখনকৈ আটকধুনীয়া তোৰণ, চকমক টিলাত চ্যুকাফাৰ প্ৰতিমূৰ্তি নিৰ্মাণ, অতিথিশালা ভৱনৰ কাম অচিৰেই আৰম্ভ হোৱাৰ পথত।

টিপামক আহোমৰ প্ৰথম অস্থায়ী ৰাজধানী বুলি কোৱা হয়। দীৰ্ঘদিন ধৰি টিপাম অৱহেলিত হৈ থকাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে। টিপাম, নাহৰকটীয়া , জয়পুৰ, ভাদৈ পাঁচআলি আদি বৃহৎ অঞ্চলত জাতিৰ জনক চাওল্যুং চুকাফাৰ বহুতো ঐতিহাসিক সমল উপযুক্ত সংৰক্ষণৰ অভাৱত অনাদৃত হৈ থকাৰ বাতৰিও সময়ে সময়ে প্ৰকাশ পাই আহিছে।

ঐতিহাসিকভাৱে টিপামৰ নাম ১২২৮ খ্ৰীষ্টাব্দৰ পৰাই লিপিবদ্ধ হৈ আছে। আহোমৰ প্ৰবাদ পুৰুষ চাওল্যুং চুকাফাই চীন দেশ ত্যাগ কৰি এখন নতুন ৰাজ্যৰ সপোন বুকুত বান্ধি ১৫ বছৰ কাল বিভিন্ন ঠাই ঘূৰি ফুৰিছিল। তাৰ পাছত পাটকাই পাৰ হৈ বুঢ়ীদিহিঙৰ উত্তৰ পাৰৰ টিপাম দেওশালী পাহাৰৰ সুউচ্চ টিলা চকমকত উপস্থিত হৈ তিনি বছৰ কাল টিপামত থাকি আহোম ৰাজ্যৰ পাতনি মেলিছিল।

উপযুক্ত আন্তঃগাঁথনি,উন্নত যোগাযোগ ব্যৱস্থা, উপযুক্ত সুৰক্ষা, বাট-পথৰ ক্ষিপ্ৰ উন্নয়ন, থকা-খোৱাৰ ব্যৱস্থা, উন্নত সেৱা আদিৰ চৰকাৰে ব্যৱস্থা কৰিলে দেশৰ মানচিত্রত নাহৰকটীয়াৰ টিপাম পৰ্যটকৰ বাবে অন্যতম আৰ্কষণীয় কেন্দৰ হিচাবে চিহ্নিত হোৱাৰ থল আছে।

অতি আকৰ্ষণীয় প্ৰাকৃতিক শোভা, ঐতিহাসিক কীৰ্তিচিহ্ন আৰু মঠ -মন্দিৰ, নামঘৰ আদি পৰিদৰ্শন কৰিব পৰাকৈ বৃহৎ অঞ্চলটোত এই সকলোবোৰ আছে। পৰ্যটকসকলে অভয়াৰণ্য দৰ্শন, গ্ৰামাঞ্চল ভ্ৰমণ, বন্যপ্ৰাণী চাবলৈ ভ্ৰমণ কৰিব পৰাকৈ দিহিং-পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য, জয়পুৰ বৰ্ষাৰণ্য টিপামৰ গাতে লাগি আছে। অসমৰ এক অন্যতম পৰ্যটনস্থলী হিচাপে টিপামক গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰে বিশেষ দৃষ্টি দিয়াটো সকলোৱে বিচাৰিছে।