অসম ৰাইফলছে ইয়াৰ ৱেবছাইটত ঘোষণা কৰা মতে বাহিনীটোত অলপতে চি আৰু ডি গ্ৰুপৰ ৭৫৪ টা পদ পূৰণৰ বাবে মকৰল প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব। ইয়াত জনোৱা খবৰ মতে অহা ২০ ডিচেম্বৰৰ ভিতৰত এই খালী পদসমূহত নিযুক্তিৰ সুবিধা ল’ব খোজা অৰ্হতাসম্পন্ন পুৰুষ আৰু মহিলাই আবেদন কৰিব পাৰিব। তেওঁলোকৰ ৱেবছাইট http://www.assamrifles.gov.in/ এই বিষয়ে বিতং তথ্যৰ লগতে আৱেদন পত্ৰও পাব বুলি বিশেষ এটা সূত্ৰই জনাইছে। অৱশ্যে এই সূত্ৰটোৱে কোৱা এই ৱেবছাইটোত খুঁচৰি চাই ইয়াক unavailable বুলিহে পোৱা গৈছে।