ৰাজ্যৰ বিভিন্ন চৰকাৰী হাস্পাতালত কাম কৰি থকা জে এন এম নাৰ্ছসকলে ৰাজ্য চৰকাৰে দীৰ্ঘদিন ধৰি প্ৰতাৰণা আৰু স্বজন-তোষণ কৰাৰ অভিযোগ তুলি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। সদৌ অসম নাৰ্ছ সন্থাই অহা ২৭ আৰু ২৮ মাৰ্চত ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰিব।
দেওবাৰে গুৱাহাটীৰ এম এম চি হাস্পাতালত অনুষ্ঠিত এখন সভাত সন্থাৰ সাধাৰণ সম্পাদিকা জুনু চুতীয়া দিহিঙ্গীয়াই এই কথা ঘোষণা কৰে। সন্থাই কৰ্মবিৰতিৰ সময়ছোৱাত হাস্পাতালৰ জৰুৰীকালীন সেৱা বিভাগকো সন্থাই ৰেহাই নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
সাধাৰণ সম্পাদিকাগৰাকীয়ে কয় যে ৰাজ্যখনৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পাতালসমূহকে ধৰি বিভিন্ন চিকিৎসালয়ত কৰ্মৰত স্থায়ী আৰু অস্থায়ীকে ধৰি মুঠ ১৫ হাজাৰ জে এন এম নাৰ্ছক চৰকাৰে দীৰ্ঘদিন ধৰি প্ৰবঞ্চনা আৰু প্ৰতাৰণা কৰি আহিছে।
জে এন এম নাৰ্ছসকলে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা সমস্যাসমূহ সমাধানৰ বাবে সন্থাই চৰকাৰৰ ওচৰত বিভিন্ন সময়ত আবেদন-নিবেদন কৰাৰ পিছতো কোনো এখন চৰকাৰে কোনো গুৰুত্ব দিয়া নাই বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰে।
তদুপৰি, শেহতীয়াভাৱে সপ্তম দৰমহা আয়োগৰ ওপৰত ভিত্তি কৰি ৰাজ্য চৰকাৰে জে এন এম নাৰ্ছসকলে আৰম্ভণিৰ পৰা ভোগ কৰি অহা ষ্টাফ নাৰ্ছৰ পদমৰ্যাদাৰ পৰা অৱনমিত কৰাৰ লগতে প্ৰাপ্য গ্ৰেড পে’ৰ পৰাও বঞ্চনা কৰিছে।
তেওঁলোকে কয় যে এন এইচ এমৰ অধীনত ১৩ বছৰ কাম কৰি অহা প্ৰায় তিনি হাজাৰ অস্থায়ী জে এন এম নাৰ্ছৰ চাকৰি নিয়মীয়া কৰা হোৱা নাই।
ষ্টাফ নাৰ্ছৰ পদমৰ্যাদা ভোগ কৰি থকা জে এন এম নাৰ্ছসকলক ষ্টাফ নাৰ্ছৰ পদমৰ্যাদা ঘূৰাই দিয়া, নাৰ্ছৰ একে পদৰ বাবে একেধৰণৰ দৰমহা আদায় দিয়া আদি দাবীত অহা ২৭ আৰু ২৮ মাৰ্চত পোন্ধৰ হাজাৰ জে এন এম নাৰ্ছে ৰাজ্যজুৰি কৰ্মবিৰতি পালন কৰি চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি তেওঁলোকে জানিব দিয়ে।