অহা ২৯ ডিচেম্বৰৰ পৰা যোৰহাটত আৰম্ভ হ’ব ষষ্ঠদশ অসম মহোৎসৱ

প্রতিনিধিত্বমূলক ফটো

অহা ২৯ ডিচেম্বৰৰ পৰা নৱবৰ্ষৰ ১২ জানুৱাৰীলৈকে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ষষ্ঠদশ অসম মহোৎসৱ অনুষ্ঠিত হ’ব।

এই মহোৎসৱত অসমৰ পৰম্পৰাগত খাদ্যসম্ভাৰ, বিভিন্ন জনগোষ্ঠীৰ হস্ততাঁত-বস্ত্ৰশিল্পৰ লগতে হস্তশিল্পসমূহৰ প্ৰদৰ্শন দাঙি ধৰা হ’ব।

শনিবাৰে অনুষ্ঠিত এখন সংবাদ মেলত যোৰহাটৰ এটা প্ৰখ্যাত বেচৰকাৰী সংস্থা ইন্টাডেমৰ আয়োজক সমিতিৰ সভাপতি দিলীপ কুমাৰ বৰদলৈয়ে জনায় যে মহোৎসৱত প্ৰায় ১৪০ খন বিপণী স্থাপন কৰা হ’ব আৰু উত্তৰ-পূবৰ বাহিৰে আন ৰাজ্যয়ো ইয়াত অংশগ্ৰহণ কৰিব।

বৰদলৈয়ে কয় যে বিপণীসমূহত থাকিব হস্তশিল্পৰ সামগ্ৰী, কাপোৰ, গহনা, ঘৰ সজোৱা সামগ্ৰী, বৈদ্যুতিন সামগ্ৰী আদি। তদুপৰি কেইখন মান বিপণীত থাকিব অঞ্চলটোৰ জনগোষ্ঠীয় সুস্বাদু খাদ্য সম্ভাৰ। তেওঁ জনায় যে জম্মু আৰু কাশ্মীৰ, গুজৰাট, পঞ্জাৱ, ৰাজস্থান, উত্তৰ প্ৰদেশ, উৰিষ্যা, পশ্চিমবংগ, তামিলনাডু আৰু অন্ধ্ৰ প্ৰদেশৰ ব্যৱসায়ীৰো মহোৎসৱত বিপণীস থাকিব।

আয়োজক সমিতিৰ যুটীয়া সম্পাদক ৰাজকুমাৰ দুৱৰাই কয় যে আন্তৰ্জাতিক খ্যাতিসম্পন্ন বাঁহীবাদক প্ৰভাত শৰ্মাই ২৯ ডিচেম্বৰৰ আবেলি ৩ বজাত মহোৎসৱখন উদ্বোধন কৰিব।

আয়োজক সমিতিৰ সম্পাদক বন্দিতা দত্ত বৰদলৈয়ে লগতে জনায় যে অসম মহোৎসৱত শিশুসকলৰ দ্বাৰা পৰম্পৰাগত ভাওনা, শিশুৰ ফেশ্বন শ্ব’, চিত্ৰাংকণ প্ৰতিযোগিতা আদি অনুষ্ঠিত হ’ব।

অসম মহোৎসৱ অনুষ্ঠিত কৰাৰ প্ৰধান উদ্দেশ্য হৈছে অসমৰ চহকী ঐতিহ্যৰ সংৰক্ষণ আৰু ইয়াৰ প্ৰসাৰ তথা প্ৰচাৰ কৰা। ই লগতে স্থানীয় শিল্পীসকলক তেওঁলোকৰ দক্ষতা আৰু প্ৰতিভা প্ৰকাশৰ সুযোগো দিব।

অসম মহোৎসৱৰ দৰে অনুষ্ঠানে নিশ্চিতভাৱে অঞ্চলটোৰ লগতে ইয়াৰ সম্প্ৰদায়সমূহৰ সম্পৰ্কে সজাগতা বৃদ্ধিত সহায় কৰিব।