অহা ৩০ আৰু ৩১ মাৰ্চত হ’ব লগীয়া ডিমাচা সাহিত্য সভাৰ নৱম দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি

Dimasa_Sahitya

অহা ৩০ আৰু ৩১ মাৰ্চ হাফলং কালচাৰাল ইনষ্টিটিউট হলত ডিমাচাসকলৰ এটা জাতীয় অনুষ্ঠান ‘ডিমাচা লাইৰেডিম মেল’ অৰ্থাৎ ডিমাচা সাহিত্য সভাৰ নৱম দ্বিবাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত হব। তাৰ বাবে ইতিমধ্যে সকলো প্ৰকাৰৰ প্ৰস্তুতিৰ কাম শেষ।

দ্বিবাৰ্ষিক অধিৱেশনখনৰ আদৰণি সমিতিৰ অধ্যক্ষ সুখেন ফংল’ই জনোৱা মতে দুদিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনা বিভিন্ন জিলা তথা আঞ্চলিকৰ পৰা অহা সাহিত্যপ্ৰেমী তথা সদস্যসকলৰ নাম পঞ্জীয়ন কৰা হ’ব। সদস্যসকলৰ মাজত এক বৈঠক অনুষ্ঠিত হ’ব।

অধিৱেশনৰ দ্বিতীয় দিনা মূল অনুষ্ঠানৰ মুকলি অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব হাফলঙৰ বিধায়ক বীৰভদ্ৰ হাগজেৰ। সন্মানীয় অতিথি হিচাপে থাকিব ক্ৰমে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য দেবোলাল গাৰ্লোচাৰ লগতে পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্য্যবাহী সদস্য কুলেন্দ্ৰ দাউলাগুপু।

দ্বিতীয় দিনাৰ অন্যান্য কাৰ্য্যসূচীৰ লগতে সাহিত্য সভাৰ এখন   বহু ভাষিক স্মৰণিকা প্ৰকাশ কৰাৰ লগতে ‘খুৰাঙ’ নামৰ ডিমাচা আলোচনী আৰু একাধিক গ্ৰন্থ মুকলি কৰাৰ কথাও জানিবলৈ দিয়ে ফংল’য়।