অৰুণাচলতো নাগালিমত অংশ অন্তৰ্ভুক্তিৰ বিৰোধিতা কৰি প্ৰতিবাদী সভা

অৰুণাচলৰ কেইবাটাও জনজাতীয় নেতাই তেওঁলোকৰ চাংলাং জিলাৰ মাটি নাগালিমত অন্তৰ্ভুক্তিৰ প্ৰবল বিৰোধিতা কৰিছে। তেওঁলোকে এখন সভা পাতি এই বিষয়ত তেওঁলোকৰ চূড়ান্ত অসন্তুষ্টি প্ৰকাশ কৰি কয়, ‘আমি তেজ দিবলৈ সাজু আছো, কিন্তু মাটি নিদিওঁ।’ তেওঁলোকে আজি এখন সভাত নাগা চুক্তিৰ সবিশেষ প্ৰকাশ কৰিবলৈ দাবী কৰে। তেওঁলোকে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ জিলাখনৰ প্ৰকৃত জনগাঁথনি, সংস্কৃতি, পৰম্পৰা আৰু ভৌগোলিক বৈশিষ্ট্যৰ কথা জনাবলৈ প্ৰতিনিধি পঠিয়াব বুলিও কয়। চিংফৌ, খামতি, আহোম, দেউৰী, চাকমা, হাজং, সোণোৱাল কছাৰী, য়োবিন, আদিবাসী আৰু গোৰ্খা নেতাকেইজনে কয় যে তেওঁলোকে নাগাৰ বসতি নথকা অঞ্চলত সংবিধানৰ ৩৭১ (এ) দফা প্ৰয়োগ কৰিবলৈ লোৱা কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপক বাধা দিব।

সভাখনত সভাপতিত্ব কৰা অৰুণাচলৰ প্ৰাক্তন মন্ত্ৰী চি চি চিংফৌৱে কয়, ‘আমি নাগাক আমাৰ ভূখণ্ড এৰি দিয়াৰ পৰিৱৰ্তে দৰকাৰ হ’লে সংবিধানৰ ৩৭১ (এ) দফাৰ নামত বিনা প্ৰতিবাদে তেজ দিম।’ অন্যান্য বক্তাসকলৰ ভিতৰত আছিল, বিজেপিৰ ৰাজ্যিক সচিব মায়ং মায়ো, টংকো চিংফৌ, যুৱ মৰ্চাৰ ৰমেশ গগৈ, লিতিচো য়োবিন, মুকুট দেউৰী, চাও পিংয়াক চিংফৌ, চিন্দু নং চিংফৌ আদিসকলেও নিজৰ নিজৰ বক্তব্য প্ৰদান কৰে। উপস্থিত নেতাসকলে অৰুণাচলৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনকো তেওঁলোকৰ চকুমুদা কুলিৰ ভাৱক সমালোচনা কৰে। তেওঁলোকে ভাৰতৰ সংবিধানৰ উক্ত দফা চাংলাং জিলাত কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত বাধা দিয়াৰ আন্দোলনটোৰ নেতৃত্ব দিবলৈ এখন কমিটি গঠন কৰাৰো সিদ্ধান্ত লয়।