অৰুণাচলত তৃতীয় ভাষা হিচাপে মৰ্যাদা লাভ কৰিব অসমীয়া ভাষাই

অৰুণাচলৰ শিক্ষানুষ্ঠানসমূহত তৃতীয় ভাষা হিচাপে অসমীয়া ভাষাই মৰ্যাদা লাভ কৰিব। অহা বৰ্ষৰ পৰাই অৰুণাচলৰ ইংৰাজী আৰু হিন্দী মাধ্যমৰ বিদ্যালয়সমূহত তৃতীয় ভাষা হিচাপে ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নৰ সুযোগ লাভ কৰিব পৰাকৈ অৰুণাচল চৰকাৰে প্ৰচেষ্টা হাতত ল’ব।

ইটানগৰত মঙলবাৰে অসম সাহিত্য সভাৰ এটি প্ৰতিনিধি দলৰ সৈতে আলোচনা কালত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডূৱে এই কথা ব্যক্ত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণাচলত পূৰ্বৰে পৰা চলি অহা অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ হঠাতে ইংৰাজী তথা হিন্দী মাধ্যমলৈ সলনি হোৱাৰ ফলত অসমীয়া ভাষা শিক্ষণৰ ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যাৰ কথা স্বীকাৰ কৰে।

এক বিজ্ঞপ্তিত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড০ পৰমানন্দ ৰাজবংশীয়ে জানিবলৈ দিয়ে যে সাহিত্যসভাৰ প্ৰতিনিধি দলটোৱে অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ বৰডুমচা আৰু অসমৰ তিনিচুকীয়া জিলাৰ বুঢ়িদিহিঙৰ সীমান্তৱৰ্তী বৃহৎ ৰিতু পথাৰৰ বডোচা সমন্বয় ক্ষেত্ৰত এক ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া অসম সাহিত্য সভাৰ চতুসপ্ততিতম অধিৱেশন সফল কৰি তোলাৰ বাবে অধিৱেশনস্থলীৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী পেমা খাণ্ডূক আহ্বান জনায়।

মুখ্যমন্ত্ৰী গৰাকীক প্ৰদান কৰা এক স্মাৰক পত্ৰত বিতংভাৱে উক্ত কথাবোৰ জনোৱা হৈছে আৰু লগতে দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত এক সৌহাৰ্দ্যপূৰ্ণ সহাৱস্থান গঢ়ি তোলাৰ বাবে লোক খাদ্যৰ বিনিময় তথা সাংস্কৃতিক বিনিময়ৰ বাবেও প্ৰতিনিধি দলটোৱে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

প্ৰতিনিধি দলটোৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমবাৰৰ বাবে অৰুণাচলত আয়োজন কৰা অসম সাহিত্য সভাৰ অধিৱেশনখন সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত সকলোধৰণৰ সহোযগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। আনহাতে, অহা ৩ ফেব্ৰুৱাৰীত সভাৰ মুকলি অধিৱেশনৰ উদ্বোধক হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী পেমা খাণ্ডূৱে অৰুণাচলৰ শিক্ষানুষ্ঠানসমূহত অসমীয়া ভাষা শিক্ষণ পাঠ্যক্ৰমৰ কথা ৰাজহুৱাভাৱে ঘোষণা কৰিব বুলিও বিজ্ঞপ্তিত কোৱা হৈছে।