অৰুণাচলত শিশুৰ ৰাষ্ট্ৰীয় সংহতি যাত্ৰাৰ শুভাৰম্ভণি

অৰুণাচল প্ৰদেশৰ উজনি দিবাং জিলাৰ এটা শিশু দলে ৰাষ্ট্ৰীয় সংহতি ভ্ৰমণৰ বাবে উত্তৰ ভাৰতলৈ যাত্ৰা কৰে। তিনিচুকীয়া জিলাৰ ভূপেন হাজৰিকা সেতুৰ পৰা দাও ডিভিজনৰ জেনেৰেল মেজৰ গজেন্দ্ৰ সিঙে পতাকা জোকাৰি ভ্ৰমণৰ মুকলি কৰে। ভাৰতীয় সেনাৰ দাও ডিভিজনে নেতৃত্ব দিয়া ভ্ৰমণৰত দলটোত আনিনিৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জৱাহাৰ নৱোদয় বিদ্যালয়ৰ ২৪গৰাকী ছাত্ৰ-ছাত্ৰীৰ উপৰি তিনিগৰাকী শিক্ষক-শিক্ষয়ত্ৰী আছে। এই ভ্ৰমণসূচী ২৪ ডিচেম্বৰ ২০১৭ৰ পৰা ৬ জানুৱাৰী ২০১৮লৈ চলিব।

দেশৰ অন্য প্ৰান্তৰ চহকী সংস্কৃতি পৰম্পৰাৰ লগত পৰিচয় কৰাই দিয়াৰ বাবেই অৰুণাচলৰ এই দলটোক ভ্ৰমণৰ বাবে পঠিওৱা হৈছে। দলটোৱে দিল্লী, আগ্ৰা আৰু লক্ষ্ণৌৰ বিভিন্ন ঐতিহাসিক ঠাই পৰিদৰ্শন কৰাৰ উপৰি দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দ আৰু কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেন ৰিজিজুৰ লগত এক মত বিনিময় অনুষ্ঠানত অংশ ল’ব বুলি সেনাই প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিয়ে।

লেখাপানী সেনা গেৰিছনৰ কামাণ্ডাৰ, উজনি দিবাং আৰু নামনি দিবাং জিলাৰ দুই উপায়ুক্তৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতিতে ভ্ৰমণৰত দলটোৰ যাত্ৰাৰ শুভাৰম্ভণি কৰে।