অৰুণাচলৰ কলকটাঙত ১২০০ ফুট তলত পৰিল ছুইফট ডিজায়াৰ : ৩জন পৰ্য্যটকসহ ৪জনৰ মৃত্যু

Bomdila

আজি সংঘটিত এটা শিহৰণকাৰী দুৰ্ঘটনাত অৰুণাচল প্ৰদেশৰ কলকটাঙৰ অংকলিং বস্তিত এখন ছুইফট ডিজায়াৰ গাড়ী প্ৰায় ১২০০ ফুট তলৰ খাৱৈত বাগৰি পৰাত গাড়ীখনত থকা তিনিজন পৰ্য্যটককে ধৰি মুঠ ৪জন লোক থিতাতে নিহত হয়।

আৰক্ষীৰ সূত্ৰই জনোৱাম মতে কলকটাঙৰ পৰা ইতিমধ্যে আৰক্ষী গৈ ঘটনাস্থলী অংকলিং বস্তিত উপস্থিত হৈ মৃতদেহকেইটাৰ উদ্ধাৰ অভিযান চলাই আছে।

স্থানীয় ৰাইজে এন ই নাওক জনোৱা মতে বগা ৰঙৰ ছুইফট ডিজায়াৰখন (AS01-G-2603) ব’মডিলাৰ পৰা আহি আছিল। ঘটনাস্থলীত থকা এটা পাক ল’বলৈ লওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন দ খাৱৈত বাগৰি পৰে।

উদ্ধাৰ অভিযান চলোৱা আৰক্ষীয়ে এতিয়ালৈকে বাহনখনৰ ভিতৰত চাৰিটা মৃতদেহ পোৱা বুলি জানিবলৈ দিছে। তেওঁলোকৰ পৰিচয় পত্ৰকেইখনো আৰক্ষীয়ে সংগ্ৰহ কৰিছে। পৰিচয় পত্ৰকেইখনত থকা মতে, তেওঁলোকৰ ঠিকনাবোৰ হ’ল- ভানুপ্ৰকাশ ৰাও জে, টি কৃষ্ণ ভাম্বী, এন অভিৰাম আৰু প্ৰতীক মিশ্ৰ। জানিব পৰামতে পৰ্য্যটককেইজন হাইদৰাবাদৰ পৰা আহিছিল। আৰক্ষীয়ে তেওঁলোকৰ পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰি থকা বুলি জনাইছে।

আনহাতে আৰক্ষীয়ে প্ৰাথমিক পৰ্য্যৱেক্ষণৰ পৰা অনুমান কৰি কয় যে ব’মডিলাৰ ফালৰ পৰা আহি থকা গাড়ীখন বোধহয় গুৱাহাটী বা তেজপুৰলৈ যোৱাৰ কথা আছিল।

‘আমি হাইদৰাবাদৰ আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ৰ সৈতে যোগাযোগ কৰি আছো আৰু দুৰ্ঘটনাটোত নিহতসকলৰ পৰিয়ালৰ লোকক বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছো।’ আৰক্ষী বিষয়া এজনে কয়। আনহাতে তেওঁ জনোৱামতে কাইলৈ পুৱাহে পুনৰ উদ্ধাৰ অভিযান চলোৱা হ’ব।