অৰুণাচলৰ ছেপ্পোত অস্বাভাৱিক হাৰত বদ্ধি পাইছে আত্মহত্যাৰ ঘটনা

অৰুণাচলৰ পূব কামেং জিলাৰ মুখ্য চহৰ ছেপ্পাত অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা আত্মহত্যাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। সমগ্ৰ অঞ্চলটোতে মানুহৰ মাজত এক ধৰণৰ উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ইয়াৰ কাৰণ বিচাৰি চোৱাৰ প্ৰয়াস কৰিছে।

প্ৰাকৃতিক সৌন্দৰ্য্যৰে পৰিপূৰ্ণ চহৰখনত যোৱা নৱেম্বৰ মাহতে ৭ গৰাকীকৈ লোকে আত্মহত্যা কৰাৰ ঘটনা সংঘটিত হৈছে। এই আত্মহত্যাৰ ঘটনাৰ বলি হোৱাসকলৰ আটাইকেইজনে ১৪ ৰপৰা ১৮ বছৰৰ বয়সৰ কিশোৰ আছিল।

ইতিমধ্যে আত্মহত্যাৰ বলি হোৱাসকলৰ ভিতৰত আছে এগৰাকী বৃদ্ধাকে ধৰি ৫ গৰাকী মহিলা আৰু দুগৰাকী পুৰুষ।

জানিব পৰা তথ্য মতে বিগত দুবছৰত জিলাখনত ১৫ টাতকৈও অধিক আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে। কিন্তু আত্মহত্যাৰ ঘটনা ইয়াতকৈয়ো অধিক হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে সচেতন ৰাইজে। কিয়নো বেছিভাগ ঘটনাই আৰক্ষী থানাত পঞ্জীয়ন নহয়। ইয়াৰ কাৰণ হৈছে আত্মহত্যাৰ বলি হোৱা পৰিয়ালবোৰে আত্মহত্যাক এটা অস্পৃশ্য বিষয় আৰু পৰিয়ালৰ বাবে অপমানজনক বুলি বিবেচনা কৰে।

অতি কম জনসংখ্যাৰ জিলাখনত মাত্ৰ দুবছৰত ১৫ টাকৈ আত্মহত্যাৰ ঘটনা বিশেষকৈ যুৱ-কিশোৰৰ মৃত্যু সঁচাকৈয়ে উদ্বেগজনক। ২০১১ ৰ লোকপিয়ল অনুসৰি জিলাখনৰ মুঠ জনসংখ্যা ৭৮,৬৯০ জন। ইয়াৰে ৩৯,৯১৫ জন পুৰুষ আৰু ৩৮,৭৭৫ জনী মহিলা।

আত্মহত্যাৰ ঘটনাবৰলৈ চাই জিলাখনত কিশোৰ আৰু বয়:সন্ধিৰ যুৱকৰ আত্মহত্যা চিন্তনীয় বিষয়। অৰুণাচল প্ৰদেশত আত্মহত্যাৰ ঘটনাৰ প্ৰকৃত তথ্য বিচাৰি পাবলৈ নাই। এই বিষয়টো চোৱাচিতা কৰাৰ বাবে কোনো নিৰ্দিষ্ট বিভাগ নোহোৱাৰ বাবে সম্ভৱত: আত্মহত্যাৰ ঘটনাৰ পৰিসংখ্যা বিচাৰি পোৱা নাযায়। তদুপৰি, জনজাতি সমাজত আত্মহত্যাক লৈ থকা অস্পৃশ্যতা আৰু সামাজিক ৰক্ষণশীলতাৰ বাবেই তথ্য ৰখাৰ প্ৰচেষ্টা  দেখা নাযায়।

আত্মহত্যাৰ ঘটনাৰ ৰাষ্ট্ৰীয় হাৰৰ তুলনাত অৰুণাচলত এনে ঘটনাৰ হাৰ বহুত বেছি। অৰুণাচলত ইডু-মিছিমি সম্প্ৰদায়ৰ মাজত আত্মহত্যাৰ ঘটনাৰ হাৰ আটাইতকৈ বেছি।