অৰুণাচলত ধৰ্ষণকাৰীক উলংগ কৰি খোজ কঢ়োৱাৰ পিছত ন্যায়িক দণ্ডাধীশৰ আগত হাজিৰ : ন্যায়িক জিম্মালৈ প্ৰেৰণ

Rape_Accused

অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ সদৰঠাই য়িংকিয়ঙত ধৰ্ষণত অভিযুক্ত দুজন অভিযুক্তক উলংগ কৰি বজাৰৰ মাজেৰে আৰু ৰাজপথত  খোজ কঢ়োৱাৰ লগতে ৰাজহুৱাকৈ পিটন দিয়াৰ পিছত দুয়োজনকে ন্যায়িক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰোৱা হয়। অভিযুক্ত দুজনক ক্ৰমে টানি মিবাং (২১) আৰু তপলি জামোহ (২০) বুলি চিনাক্ত কৰা হৈছে। আনহাতে ধৰ্ষণকাণ্ডটোত জড়িত আন দুজন এতিয়াও পলাতক অৱস্থাত। পলাতককেইজনক ক্ৰমে কাজাং তাতিন (১৮) আৰু টাকিয়াম মাইজ (২০) বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে শেহতীয়াকৈ অসমৰ দৰে অৰুণাচল প্ৰদেশকো ধৰ্ষণকাণ্ডই জোকাৰি গৈছে। যোৱা ২৫ মাৰ্চৰ ৰাতি চাৰিজন লোকে উজনি চিয়াং জিলাৰ য়িংকিয়ঙৰ ওচৰৰ কাৰ্কো গাৱঁৰ এগৰাকী ১৭ বছৰীয়া দশম শ্ৰেণীৰ ছোৱালীক দলবদ্ধ ধৰ্ষণ কৰিছিল। ধৰ্ষণকাৰীৰ এজনৰ সৈতে ছোৱালীগৰাকীৰ চিনাকি তথা বন্ধুত্ব আছিল। এখন অৰ্ধ নিৰ্মিত দলঙৰ ওচৰত বন্ধুক লগ ধৰিবলৈ যাওঁতে বন্ধুৱেক আৰু তেওঁৰ তিনিজন লগৰীয়াই ছোৱালীজনীক ধৰ্ষণ কৰে বুলি প্ৰকাশ। পিছত ছোৱালীজনীক ৰাতি ২ বজাত ঘৰৰ ওচৰত নমাই থৈ যোৱা হয়। ছোৱালীজনীৰ অভিভাৱকে পিছদিনা আৰক্ষীক গোচৰ দিয়াৰ লগতে স্থানীয় ৰাইজে দুজন অভিযুক্তক ধৰে। দুয়োকে আৰক্ষীৰ হাতত তুলি দিয়াৰ পূৰ্বে উলংগ কৰি ৰাজপথত খোজ কঢ়োৱাৰ লগতে ৰাজহুৱা পিটন দিছিল। দুয়োজনকে ইতিমধ্যে ন্যায়িক জিম্মাত দিয়া হৈছে।

আনহাতে এই বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যখনৰ গৃহ বিভাগৰ মন্ত্ৰী কুমাৰ ৱায়ে ঘটনাটোৰ গৰিহণা দিয়াৰ লগতে ভুক্তভোগী উপযুক্ত ন্যায় প্ৰদানৰ আশ্বাস দিছে। তেওঁ সকলোকে এনেকুৱা অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াত সহযোগিতা আগ বঢ়াবলৈ আহ্বান জনায়। তেওঁ সকলোকে সজাগ আৰু সতৰ্ক থাকিবলৈ আহ্বান জনায়।

আনহাতে অভিযুক্তকেইজনক ৰাজপথত নগ্ন কৰি খোজ কঢ়োৱা আৰু ৰাজহুৱা পিটন দিয়া সন্দৰ্ভত তেওঁ কয় যে সকলোৱেই আইন হাতত তুলি লোৱাৰ পৰা বিৰত থকা উচিত। অপৰাধীক আৰক্ষীৰ হাতত গতাই দিয়াৰ বাবেহে তেওঁ আহ্বান জনায়। তেওঁ লগতে আৰক্ষীক এইবোৰ বিষয়ত অধিক সংবেদনশীল আৰু ক্ষিপ্ৰতাৰে কাম কৰিবলৈ কয়।

মন কৰিব লগীয়া যে যোৱা ১৭ ফেব্ৰুৱাৰিতো এজন ধৰ্ষণকাৰীক ৰাইজে জেইলৰ পৰা উলিয়াই আনি উলংগ কৰি ৰাজপথত খোজ কঢ়াইছিল। লগতে থানাও লণ্ড-ভণ্ড কৰিছিল। অভিযুক্তজন আছিল এজন শিক্ষক, যিজনে এজনী ছবছৰীয়া ছোৱালীক ধৰ্ষণ কৰিছিল।