অৰুণাচলৰ পাচিঘাট নগৰক পৰ্যটক ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য জিলা প্ৰশাসনৰ

পাচীঘাট নগৰ

কৃষ্টি-সংস্কৃতি দিশত সমৃদ্ধ অৰুণাচল প্ৰদেশৰ পাচিঘাট নগৰখন পৰ্যটক ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ব্যাপক পৰিকল্পনা প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে কিছু দিনৰ পিছত পাচিঘাট নগৰক স্মাৰ্ট চিটি হিচাপে গঢ়ি তোলাৰ বাবে আধাৰশিলা স্থাপন কৰা হ’ব। সেয়েহে আধাৰশিলা স্থাপনৰ আগমূহুৰ্তত পাচিঘাটৰ বিধায়ক কালিঙ ময়ঙে উপায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এখন পৰ্যালোচনামূলক আলোচনা সম্পন্ন কৰে। এই আলোচনাৰ শেষত বিধায়কগৰাকীয়ে স্মাৰ্ট চিটি হোৱাৰ পিছত পাচিঘাটক সম্পূৰ্ণ ৰূপে পৰ্যটন নগৰীত পৰিণত কৰি তুলিব বুলি মন্তব্য কৰে।

পাচিঘাটৰ চহকী সাংস্কৃতিক ঐতিহ্যই ইতিমধ্যে ১০০বছৰ গৰকি গৈছে। বিশ্বৰ শ্ৰেষ্ঠ পৰ্যটন ক্ষেত্ৰৰ মানচিত্ৰত এই চহৰখন সুমুওৱাৰ যথেষ্ট থল আছে। এই মন্তব্য কৰে বিধায়কজনে। লগতে পৰ্যটক সকলক আকৰ্ষিত কৰাৰ বাবে চহৰখনক অত্যাধুনিক ভাবে গঢ়ি তুলিব লাগিব আৰু তেতিয়াই আমাৰ এই অঞ্চলৰ লোকসকল  অৰ্থনৈতিকভাবে যথেষ্ট স্বচ্ছল হ’ব বুলিও মন্তব্য আগবঢ়ায়।

আনহাতে বিধায়কগৰাকীয়ে এই কাৰ্য সফল কৰি তুলিবলৈ প্ৰশাসন, অঞ্চলবাসী তথা কমিটিৰ সদস্যসকলক যথাসম্ভৱ চেষ্টা কৰিবলৈ আহ্বান জনায়।

কমিটি সমূহে প্ৰস্তুত কৰি উলিওৱা আঁচনিসমূহ ইতিমধ্যে স্মাৰ্ট চিটিৰ অধ্যক্ষ তথা পাচিঘাটৰ উপায়ুক্ত টামিও টাটাকে সমীক্ষা কৰি আছে আৰু ইয়াৰ বাবে সঠিক তথা বিশ্বসনীয় আঁচনিৰ প্ৰয়োজন বুলি মন্তব্য কৰে।

লক্ষ্যণীয় যে জানুৱাৰীৰ ২০ আৰু ২১ তাৰিখে স্মাৰ্ট চিটিৰ আধাৰশিলা স্থাপন কৰিব বুলিও জিলা প্ৰশাসনে জনাইছে।