NORTHEAST NOW (Assamese)

অৰুণাচলৰ বৰডুমচাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ঠিকাদাৰক অপহৰণ

February 10, 2018 2:02 pm · লক্ষ্মণ শৰ্মা
Updated: February 10, 2018 2:33 pm

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বৰডুমচাৰ গজু গাঁৱৰ পৰা পৰা যোৱানিশা এগৰাকী ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ঠিকাদাৰক অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

অপহৃত ঠিকাদাৰগৰাকীৰ নাম টাৰু টানা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে গজু গাঁৱৰ এটি ভাৰাঘৰত  অকলে বাস কৰা ঠিকাদাৰগৰাকীক দুৰ্বৃত্তৰ দল এটাই নিশা প্ৰায় ৯.৩০বজাত অপহৰণ কৰে। সমীপৰ এগৰাকী ৮১ বছৰীয়া আৱাসী মহিলাই পুৱা কয় যে নিশা টানা বাস কৰা ঘৰটোত তেওঁ কিছু চিঞৰ-বাখৰ শুনিছিল যদিও ঘৰত ঘটনাস্থলীলৈ যোৱাৰ পৰা বিৰত থাকে।

স্মৰ্তব্য যে সন্দেহযুক্ত এন এছ চি এন (আইএম) উগ্ৰপন্থীয়ে প্ৰায় এক কোটি টকা দাবী কৰাৰ বাবে পূৰ্বে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল ঠিকাদাৰগৰাকীয়ে। নাম প্ৰকাশত অনিচ্ছুক তেওঁৰ ঘনিষ্ঠ লোক এগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি টাৰুৱে উক্ত দাবী কৰা ধনৰ এটি বৃহৎ অংশ ইতিমধ্যে সংগঠনটোক আদায় দিছে আৰু বাকী থকা অংশ দিবলৈ বাকী আছিল।

উল্লেখযোগ্য যে আজি পুৱা টাৰুৱে বাস কৰা ঘৰটোৰ খিৰিকী ভগা অৱস্থাত দেখি স্থানীয় লোকসকলৰ সন্দেহ হয় আৰু পাছত ঘৰটোৰ ভিতৰত ছেদেলি-ভেদেলি হৈ থকা বয়-বস্তু আৰু তেজৰ দাগৰ পৰা ঠিকাদাৰগৰাকী অপহৃত হোৱা বুলি নিশ্চিত হয়। কোঠাটোত পৰি থকা তেজৰ চেকুৰাৰ পৰা অনুমান কৰা হৈছে যে টাৰাই দুৰ্বৃত্তৰ পৰা নিজকে মুক্ত কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল যদিও তেওঁ ব্যৰ্থ হয়।

উল্লেখ্য যে বিগত বৰ্ষৰ নৱেম্বৰ মাহতো দেৱেন্দ্ৰ কুমাৰ সিনহা (৫৮) নামৰ এগৰাকী চৰকাৰী কৰ্মচাৰীক উক্ত অঞ্চলৰ পৰা অপহৰণ কৰিছিল উগ্ৰপন্থীয়ে।

ইতিমধ্যে অৰুণাচল প্ৰদেশ আৰক্ষী, ভাৰতীয় সেনাৰ পাঞ্জাব ৰেজিমেণ্ট, আৰ আই বি এন আৰু চি আৰ পি এফে ঠিকাদাৰগৰাকীক মুক্ত কৰিবলৈ যৌথ অভিযান ক্ষিপ্ৰ কৰি তুলিছে।

Related News