অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ চিয়াং নৈ পৰিদৰ্শন : স্থানীয় প্ৰশাসনক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ

অৰুণাচলৰ মুখ্য মন্ত্ৰী প্ৰেমা খাণ্ডুয়ে ২ ডিচেম্বৰত চিয়াং নৈ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে চিয়াং নৈৰ পানী হঠাতে প্ৰদূষিত হৈ ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে। ভাৰতৰ কোনো কোনো কাকতত প্ৰকাশ পোৱা মতে এই নদীখনৰ ওপৰত চীনৰ বিভিন্ন কাৰ্য্যকলাপৰ বাবেই ইয়াৰ পানী এইদৰে বোকাময় তথা প্ৰদূষিত হৈ পৰিছে। কিন্তু কালিৰ সংখ্যাৰ চীনৰ ৰাষ্ট্ৰ নিয়ন্ত্ৰিত এখন কাকতে এই কথা সমূলি অস্বীকাৰ কৰে। আজি মুখ্য মন্ত্ৰীজনে নদীখনৰ এই আকস্মিক পৰিৱৰ্তনৰ উঁহ বিচাৰি নৈখন পৰিদৰ্শন কৰে। এই এই সন্দৰ্ভত তেওঁ অনুসন্ধান কৰি এক প্ৰতিবেদন দাখিল কৰিবলৈ স্থানীয় প্ৰশাসনক নিৰ্দেশো দিয়ে।

মন কৰিবলগীয়া যে কংগ্ৰেছী বিধায়ক নিনং এৰিঙে চিয়াঙৰ পানীৰ গুণগত মানৰ হঠাৎ পৰিৱৰ্তন আৰু পাচিঘাটত নদীখন শুকাই অহা বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰি এই ক্ষেত্ৰত চীন চৰকাৰৰ লগত আলোচনা কৰিবলৈ অনুৰোধ জনাই প্ৰধান মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে। তেওঁ উক্ত পত্ৰখনত কেইবামাহৰ আগতে এক প্ৰতিবেদনত চীনে চিয়াং নৈৰ দিশ সলনি কৰা কথাটো প্ৰকাশ হৈছে বুলি দাবী কৰে।