অৰুণাচলৰ লিকাবালিত পুনৰ অঘটন : পাহাৰৰ শিল বাগৰি তিনিজন নিহত

লিকাবালি

অরুণাচল প্ৰদেশৰ লিকাবালিৰ ৰাষ্ট্ৰীয় ঘাইপথ। ফাইল ফটো

অৰুণাচলৰ লিকাবালিত পাহাৰৰ পৰা বাগৰি অহা শিলৰ খুন্দাত শুকুৰবাৰে ৫জনকৈ আই টি বি পিৰ জোৱান নিহত হোৱাৰ পিছত সেই একেটা স্থানতে কালি পুনৰ সংঘটিত হয় আন এক অনুৰূপ ভয়াবহ দুৰ্ঘটনা। এইবাৰ দুৰ্ঘটনাটোত তিনিজনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়।

জানিব পৰা মতে অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলাৰ বাছাৰৰ পৰা চিলাপথাৰ অভিমুখে এ এছ ২২ চি ২৬৭৫ নম্বৰৰ বগা ৰঙৰ টাটা ছুম এখনেৰে ৮ জন যাত্ৰী গৈ আছিল। নামনি চিয়াং জিলাৰ লিকাবালিৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত থকা আকাশী গংগা মন্দিৰৰ কাষতে শনিবাৰে বিয়লি প্ৰায় ২-৩০ বজাত পাহাৰৰ পৰা বাগৰি অহা এটা প্ৰকাণ্ড শিলে টাটা ছুম’খনত খুন্দা মাৰে।

দুৰ্ঘটনাটোৰ ফলত ছুম’খনত থকা চালকসহ ৯ জন যাত্ৰীৰ ভিতৰত ২জন থিতাতে নিহত হয়। আন এজন যাত্ৰীৰ পিছত চিকিৎসালয়ত মৃত্যু হয়। প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ অভিযান চলাব পৰা হোৱা নাই। নিহত দুজনৰ মৃতদেহ ছুম’খনৰ ভিতৰতে আছে। মৃত লোক কেইজনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই।

যাত্ৰীসকলৰ মাজৰ আহত ৬ জনক কোনোমতে উদ্ধাৰ কৰি লিকাবালি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে টাটা ছুম’খন সম্পূৰ্ণ বিধ্বস্ত হৈ পৰিছে।

আনহাতে, একে স্থানতে অগা পিছাকৈ দুদিনত অনুৰূপ দুটা দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ৰাইজৰ মাজত আতংকই বিৰাজ কৰিছে।