• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সোমবাৰে অৰুণাচলৰ ৰাজ্যপাল ড০ বি ডি মিশ্ৰাই ভ্ৰমণ কৰিলে লংডিং

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
January 29, 2018 10:13 pm
Governor of Arunachal Pradesh Brig. (Dr.) B.D. Mishra
86
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেদিয়াৰ ড০ বি ডি মিশ্ৰাই সোমবাৰে এদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হয় লংডিং জিলাৰ লংডিঙত। প্ৰথমবাৰৰ বাবে উক্ত ঠাইলৈ অহা ৰাজ্যপালগৰাকীয়ে জিলাখনৰ বিভিন্ন চৰকাৰী বিষয়াসকল, গাঁও বুঢ়া আদিৰ লগত মত বিনিময় কৰে।

মত বিনিময়ৰ সময়তে শিক্ষা, স্বাস্থ্য আৰু নিৰাপত্তা ব্যৱস্থাত গুৰুত্ব প্ৰদান কৰে। তেওঁ কয় যে জিলাৰ উন্নয়নৰ বাবে শান্তিপূৰ্ণ পৰিৱেশ আৰু নিৰাপত্তাব্যৱস্থা অধিক কটকটীয়া হ’ব লাগে।

ৰাজ্যপালগৰাকীয়ে পুনৰ কয় যে শান্তিপূৰ্ণ পৰিৱেশ তথা বিভিন্ন কল্যানমূলক আঁচনি ৰূপায়নত সকলো লোকে আগভাগ লোৱা উচিত। যদিহে নিজৰ অঞ্চল, ৰাজ্য আৰু দেশৰ উন্নয়ন বিচৰা তেন্তে নিজৰ নিজৰ দায়িত্ব পালনৰ পৰা আঁতৰি আহিব নালাগে।

তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে বন্দুক সংস্কৃতিয়ে কেতিয়াও কাৰো উপকাৰ সাধন নকৰে। তদুপৰি যিসকল যুৱক এনেধৰণৰ কাম কাজত নিয়োজিত হৈ আছে সেইসকলক পুনৰ আগৰ ধাৰালৈ উভটি আহিবলৈ অনুৰোধ জনায়।

উক্ত বৈঠকতে ৰাজ্যপালগৰাকীয়ে ধপাত জাতীয় সামগ্ৰীৰ খেতি সন্দৰ্ভত দৃঢ়তাৰে বিৰুদ্ধাচৰণ কৰা দেখা যায়। ধপাত জাতীয় সামগ্ৰীৰ খেতি কৰাৰ পৰিৱৰ্তে অন্য খেতি কৰিবলৈ অঞ্চলবাসীক অনুৰোধ জনায়।

লংডিং চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, আৰু লংডিং সমূহীয়া স্বাস্থ্য কেন্দ্ৰও ৰাজ্যপালগৰাকীয়ে পৰিদৰ্শন কৰে।

উক্ত ভ্ৰমণসূচীৰ অন্যতম কাৰ্যসূচী হিচাপে ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক সম্পূৰ্ণ অনুশাসন মানি চলাৰ উপদেশ দিয়ে। আৰু নিজকে খেল ধেমালীতো মনোনিৱেশ কৰাৰ বাবে অনুৰোধ জনায়।

ইয়াৰ উপৰি ছাত্ৰ-ছাত্ৰী সকলক নিজকে বন্দুক সংস্কৃতি আৰু ধপাত জাতীয় সামগ্ৰীৰ খেতিৰ বিৰুদ্ধে নোযোৱাৰ বাবে দৃঢ় প্ৰতিজ্ঞাবদ্ধ হ’বলৈ আহ্বান জনায়।

ৰাজ্যপালগৰাকী উপস্থিত হোৱাৰ পূৰ্বে ৰাজ্যপাল মিশ্ৰাৰ পত্নী নিলম মিশ্ৰা লংডিঙত উপস্থিত হৈছিল। নিলম মিশ্ৰাক স্বাগতম জনায় জিলাখনৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে।

লংডিং ভ্ৰমণসূচী সামৰি ৰাজপালগৰাকীয়ে খোনছালৈ গমন কৰে।

Recent News

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd