অৰুণাচল প্ৰদেশৰ সীমাৰ ভিতৰত চীনৰ পথ নিৰ্মাণৰ চেষ্টাক ব্যৰ্থ কৰিলে ভাৰতীয় সেনাই

আজি সংসদত দাঙি ধৰা এটা তথ্যত প্ৰতিৰক্ষা দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড০ সুভাষ ভাম্ব্ৰেই কয় যে যোৱা বছৰৰ ডিচেম্বৰ মাহৰ শেষৰফালে চীনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ প্ৰায় এক কিলোমিটাৰৰ ভিতৰত অৰুণাচল প্ৰদেশৰ অংশত এটা পথ নিৰ্মাণৰ চেষ্টা কৰিছিল যদিও ভাৰতীয় সেনাই তাক ব্যৰ্থ কৰে।
তথ্য দাঙি ধৰি মন্ত্ৰীজনে কয় যে সীমান্তত নিয়োজিত সেনাই যোৱা ২৮ ডিচেম্বৰত নিয়মীয়া টহলৰ সময়ত অৰুণাচল প্ৰদেশৰ সীমাত এটা পথৰ নিৰ্মাণ কাৰ্য্য দেখা পায়। তেওঁলোকে অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ তিনিজন চীনা নাগৰিকক এই নিৰ্মাণ কাৰ্য্য চলোৱা দেখে। লোককেইজনে ভাৰতীয় সেনাক দেখা পাই চীনৰ ফালে গুচি যায়।
পিছত অনুপ্ৰৱেশৰ কথাটো আলোচনা কৰিবলৈ এখন ফ্লেগ মিটিং অনুষ্ঠিত কৰা হয়। চীনা পক্ষই তিনিজন চীনা নাগৰিকে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ অহাৰ কথা স্বীকাৰ কৰে আৰু তেওঁলোকে ব্যৱহাৰ কৰা বয়বস্তুবোৰ লগে লগেই ঘূৰাই নিয়াৰ বাবে সন্মত হয়।
মন্ত্ৰীজনে লগতে কয় যে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ঘটি থকা এনে বিষয়বোৰ চৰকাৰে নিয়মীয়াকৈ চীনা পক্ষৰ সৈতে নিৰ্ধাৰিত প্ৰক্ৰিয়াৰ মাজেৰে মিতমাত কৰি আহিছে।