‘অ’ টেঙা’ই অমিতাৰ খাৰ আৰু আলু পিতিকাক সহজলভ্য কৰিলে মুম্বাইত 

O-Tenga, alu pitika amita khar assamese recipe

শেহতীয়াভাৱে অসমৰ খাদ্যই অসমৰ বাহিৰতো সমাদৰ পাবলৈ ধৰাৰ সময়তে  মুম্বাইৰ আন্ধেৰীৰ লখান্দৱালাত থকা ৰেষ্টোৰাঁ-  অ’ টেঙা’ই অসমীয়া খাদ্য সম্ভাৰক বাহিৰৰ পৃথিৱীত চিনাকি কৰাই দিব ধৰিছে  বাণিজ্যিকভাৱে সফলতাৰে।

কেই বছৰ মান আগেয়ে অসমৰ ৰন্ধন প্ৰকৰণৰ এবিধ এৰাব নোৱাৰা উপাদান ক’লাখাৰে আমেৰিকা আৰু অন্যন্য দেশতো সমাদৰ লাভ কৰাৰ লগতে ৰপ্তানি হ’বলৈ আৰম্ভ হোৱাৰ কথা সংবাদপত্ৰত প্ৰকাশিত হোৱাৰ পিছত  এইবাৰ শেহতীয়াভাৱে ‘অ’ টেঙা’ নামৰ ৰেষ্টোৰাঁখনৰ ৰন্ধনশালৰ নিপুণ ৰান্ধনিয়ে  ৰন্ধা  অসমৰ  অতি সুস্বাদু আৰু উপাদেয় আৰু ভালেকেইপদমান খাদ্যসম্ভাৰে  ভাৰতৰ মায়া নগৰীখনৰ সৰ্বত্ৰ জনপ্ৰিয়তা লাভ কৰিবলৈ আগবাঢ়িছে ।

অসমৰ খাদ্যসম্ভাৰৰ যোগান ধৰা এই ৰেষ্টোৰাঁখনৰ সেৱা প্ৰথমৰ ফালে আন্ধেৰীতেই সীমাবদ্ধ থআছিল যদিও এতিয়া মুম্বাইৰ সকলো স্থানতেই বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ঔটেঙাৰে ৰন্ধা মাছৰ জোল, অমিতাৰ খাৰ, আলু পিতিকা, লাই শাকৰ আঞ্জা আদি এই ৰেষ্টোৰাঁখনৰ অতি জনপ্ৰিয় খাদ্যসম্ভাৰ হিচাপে পৰিগণিত হৈছে। লাই শাকেৰে ৰন্ধা পৰম্পৰাগত মাছৰ আঞ্জা আৰু সিজোৱা গাহৰিৰ মাংসৰ আদিও এই ৰেষ্টোৰঁখনত উপলব্ধ। অসমীয়াৰ প্ৰিয় ‘গুটি আলু’ অসমৰ পৰা নি মুম্বাইৰ গ্ৰাহকক পৰিৱেশনৰ ব্যৱস্থা কৰাটোৱেই এই ৰেষ্টোৰাঁখনে অসমৰ খাদ্য সম্ভাৰক কিমান গুৰুত্বসহকাৰে লৈছে তাক বুজায়।

মু্ম্বাইত থকা অসমীয়া খাদ্যৰ এই ৰেষ্টোৰাঁখনে  মহানগৰখনৰ সকলো স্থানলৈকে অতি সুস্বাদু খাদ্য সম্ভাৰ ১৫০ টকাৰ বিশেষ ৰেহাই বিতৰণ মূল্যত  ২০০০ টকাতকৈ কম টকাৰ অৰ্ডাৰতো  অসমীয়া খাদ্য সম্ভাৰৰ জুতি লোৱাৰ ব্যৱস্থা কৰি দিছে ।

অৱশ্যে আবেলি ৫-০০ৰ পূৰ্বে অৰ্ডাৰ দিলেহে এই সেৱা উপলব্ধ কৰোৱা হ’ব গ্ৰাহকক।

এই ৰেষ্টোৰাঁখনত বতৰৰ শাক পাচলি,  ঋতু আৰু বতৰৰ ধৰণ কৰণ অনুযায়ী খাদ্য তালিকা প্ৰস্তুত কৰা হয়।

ভোট জলকীয়াৰে গাহৰি মাংস ৰান্ধি ৰান্ধি গ্ৰাহকক সাদৰেৰে অপ্যায়ন কৰা এই ৰেষ্টোৰাঁখন মুম্বাইত বাস কৰা অসমীয়া আৰু অসমীয়া খাদ্যৰ জুতি বিচৰা আন ৰাজ্য তথা বিদেশীসকলৰ মাজতো জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।