২৩ জুলাইত জনতা ভৱনত অনুষ্ঠিত এখন কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল। উক্ত কেবিনেট বৈঠকতে ৰাজ্যৰ অ’ বি চি আৰু এম অ’ বি চি বৰ্গৰ চাকৰি প্ৰাৰ্থীৰ বয়স ৪৩ৰ পৰা ৪৭লৈ বৃদ্ধিৰ সিদ্ধান্ত লৈছিল।
উক্ত কেবিনেটত অ’ বি চি আৰু এম অ’ বি চি বৰ্গৰ বিপৰীতে সাধাৰণ শ্ৰেণীক কৰা বঞ্চনাৰ বিৰুদ্ধে অসমৰ অন্যতম জনগোষ্ঠী কলিতা জনগোষ্ঠীৰ জাতীয় সংগঠনে মঙলবাৰে ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে তামুলপুৰতো সাব্যস্ত কৰে প্ৰতিবাদ।
প্ৰতিবাদকাৰীসকলে কয় যে বাৰে বাৰে কেইটামান বিশেষ শ্ৰেণীৰ বাবে চৰকাৰে সুবিধা প্ৰদান কৰি আহিছে আৰু সাধাৰণ শ্ৰেণীক উপেক্ষিত কৰি আহিছে। সেয়ে কলিতা জনগোষ্ঠীৰ তামুলপুৰ সমিতিয়ে কালি সন্ধিয়া ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ন’গান দিয়াৰ লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে।
‘অ’বিচি আৰু এমঅ’বিচি শ্ৰেণীৰ বাবে চৰকাৰে বয়সৰ সীমা ৪৭লৈ বৃদ্ধি কৰিলে আৰু সাধাৰণ শ্ৰেণীৰ লোকৰ ক্ষেত্ৰত চৰকাৰ নিমাত। সাধাৰণ শ্ৰেণীৰ বাবেও চৰকাৰী চাকৰিৰ বয়সৰ সীমা ৪৭ বছৰ বয়সলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰক ৰাজ্য চৰকাৰে অন্যথা এনে বৈষম্যৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিম’। এইদৰে কয় সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ভাস্কৰ কলিতাই।
প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, সাধাৰণ শ্ৰেণীক প্ৰতাৰণা কৰা বন্ধ কৰক, কেবিনেটৰ সিদ্ধান্ত বাতিল কৰক, কলিতা জনোগোষ্ঠী ছাত্ৰ সন্থা জিন্দাবাদ আদি ধ্বনিৰে তামুলপুৰ অঞ্চলৰ ঘগ্ৰাচক উত্তাল কৰি তোলে।
ইফালে কালি সন্ধিয়াৰ এই প্ৰতিবাদ কাৰ্যসূচীত সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ভাস্কৰ কলিতা, সাংগঠনিক সম্পাদক পাৰ্থ প্ৰতিম বৰুৱা, উপ-সভাপতি অবিনাশ কলিতা, সম্পাদক ৰত্নেশ্বৰ কলিতা, সদৌ বাক্সা জিলা কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ সাধৰণ সম্পাদক নয়ন ডেকা উপস্থিত থাকে।