আইজল এফ চিত চুক্তিবদ্ধ হ’ল নাইজেৰিয়ান ষ্ট্ৰাইকাৰ চিডি এডেহ

CHIDI-EDEH-1-570x320

আগন্তুক হিৰ’ আই লীগ তথা ঘৰুৱা প্ৰতিযোগিতাৰ বাবে ককালত টঙালী বান্ধিছে দেশৰ আগশাৰীৰ ফুটবল ক্লাব মিজোৰামৰ আইজল এফ চি । আগন্তুক বৰ্ষৰ বাবে দলটোৱে প্ৰশিক্ষক হিচাপে নতুনকৈ চুক্তিবদ্ধ কৰিছে গিফট ৰাইখানক। ৰাইখানক নিযুক্তি দিয়াৰ এদিন পাছতে দলটোৱে বৃহস্পতিবাৰে নাইজেৰিয়ান অভিজ্ঞ ষ্ট্ৰাইকাৰ চিডি এডেহ কো চুক্তিবদ্ধ কৰি একপ্ৰকাৰ চমক দিছে ক্লাবৰ সমৰ্থকক।

‘আগন্তুক ২০১৮-১৯ বৰ্ষৰ বাবে মুখ্য প্ৰশিক্ষক হিচাপে গিফট ৰাইখানক নিযুক্তি দি আমি যথেষ্ট আনন্দিত হৈছো’। এইদৰে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ক্লাবৰ বিষয়ববীয়াই উল্লেখ কৰে।

আনহাতে আইজল এফ চিত চুক্তিবদ্ধ হোৱা নাইজেৰিয়ান ষ্ট্ৰাইকাৰ চিডি এডেহে ইয়াৰ পূৰ্বে ভাৰতৰ বিভিন্ন আগশাৰীৰ ক্লাবৰ হৈ খেলি মুঠ ১০৪ টা গ’ল কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পাছতে খেলুৱৈগৰাকীয়ে ভাৰত এৰি মালেয়েছিয়ান ক্লাবত যোগদান কৰে। পাছত তেওঁ মালেয়েছিয়া এৰি নিজ দেশৰ ক্লাবৰ হৈ খেলিবলৈ লয়।

‘ চিডি এডেহ এজন আক্ৰামক তথা অভিজ্ঞ ষ্ট্ৰাইকাৰ। তেওঁৰ উপস্থিতিয়ে আমাৰ ক্লাবটোক যথেষ্ট উৎসাহিত কৰিব। তেওঁৰ উপস্থিতিত দলৰ অন্য খেলুৱৈসকলেও অধিক উৎসাহেৰে আগন্তুক বৰ্ষত উন্নতমানৰ প্ৰদৰ্শন কৰিব বুলি আশা কৰো’। আইজল এফ চিৰ স্বত্তাধিকাৰী ৰবাৰ্ট ৰোমাৱিয়া ৰয়টেই এইদৰে নিজৰ ভাব প্ৰকাশ কৰে।

উল্লেখ্য যে ভাৰতীয় ফুটবল জগতৰ আটাইতকৈ সফল প্ৰশিক্ষকগৰাকীয়ে হৈছে গিফট ৰাইখান। ২০০৭ ত পুনে এফ চিত প্ৰশিক্ষকৰ কেৰিয়াৰ আৰম্ভ কৰা ৰাইখানে ২০১৭ চনত নেৰোকা এফ চিৰ হৈ আইলীগ দ্বিতীয় ডিভিজনৰ খিতাপ দখল কৰাৰ লগতে তেওঁৰ নেতৃত্বতে আইলীগ খেলাৰ সপোন পূৰ্ণ কৰে নেৰোকা এফ চিৰ।

ইফালে সদ্য সমাপ্ত ২০১৭-১৮ বৰ্ষৰ আই লীগত তেওঁৰ সবল নেতৃত্বতে নেৰোকা এফ চিয়ে উন্নতমানৰ প্ৰদৰ্শন আগবঢ়ায়। অলপৰ বাবে আই লীগৰ খিতাপ দখল কৰাৰ পৰা বঞ্চিত হোৱা নেৰোকা এফ চিয়ে পইণ্ট তালিকাৰ দ্বিতীয়স্থান দখল কৰি ৰানাৰ্ছ আপ হিচাপে লীগৰ অভিযান সামৰিছিল।