NORTHEAST NOW (Assamese)

আই আই টিত স্থান লাভেৰে শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়ালে ৰক্তিম জ্যোতি দাসে

June 13, 2018 7:17 am · ৰাজীৱ দত্ত

সৰ্বভাৰতীয় পৰ্যায়ত অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষাত ১৫ জন অসমীয়া ছাত্ৰই স্থান লাভ কৰি সমগ্ৰ অসমবাসীক গৌৰৱৰ সুযোগ প্ৰদান কৰিলে। স্থান লাভ কৰা ১৫ জন ছাত্রৰ ভিতৰত শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ সমীপৱৰ্তী ৰূপহীমুখৰ মেধাবী ছাত্র ৰক্তিম জ্যোতি দাসেও জে ই ই মেইন্স আৰু এডভান্স প্ৰৱেশ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ সমগ্ৰ শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে।

তেওঁ সৰ্বভাৰতীয় পৰ্যায়ত ১০৬ নম্বৰ স্থান প্ৰাপ্তিৰে ইতিমধ্যে কাউন্সচেলিঙৰ বাবে আমন্ত্ৰিত হৈছে। ভটিয়াপাৰ ৰূপহীমুখ অঞ্চলৰ অৱসৰপ্ৰাপ্ত সেনা জোৱান মিলন দাস আৰু দুৰ্লভ চন্দ্ৰ গগৈ উঃ মা বি বিষয় শিক্ষয়ত্ৰী কল্পনা দাসৰ জেষ্ঠ্য পুত্ৰ ৰক্তিম জ্যোতিৰ সাফল্যই অঞ্চলবাসীক আনন্দেৰে উপচাই তুলিছে।

সৰুৰে পৰাই মেধাবী ছাত্রজনে নিৰন্তৰ একাগ্ৰতা আৰু অধ্যৱসায়ৰ জৰিয়তে এই ঈর্ষণীয় সফলতা লাভ কৰে । সৰুতেই অসমীয়া মাধ্যমৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা ৰক্তিমক সহপাঠীৰ হাত ভঙাক কেন্দ্ৰ কৰি বিদ্যালয় পৰিচালনা সমিতিয়ে বিদ্যালয়ৰ পৰাই বহিস্কাৰ কৰিছিল।

বিদ্যালয়ৰ পৰা বহিস্কাৰ কৰি দিয়া ৰক্তিমক লৈ মাতৃ কল্পনা দাসে কেইবাখনো বিদ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰাৰ অন্তত বলিয়াঘাটস্থিত কে পি এম মেমৰিয়েল ইংলিছ স্কুলত ৰক্তিমক নামভৰ্তি কৰি দিয়ে। তাৰ পাছত তেওঁক ষষ্ঠ শ্ৰেণীত শিৱসাগৰ মেলাচকৰৰ চফী মাৰ্চি বিদ্যালয়ত নাম ভৰ্তি কৰি দিয়ে।

উক্ত বিদ্যালয়ৰ পৰা ২০১৬ চনত ৰক্তিমে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৩.৩ শতাংশ নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হয়। মাত্ৰ ৬ নম্বৰৰ বাবে স্থান লাভৰ পৰা বঞ্চিত হোৱা ৰক্তিমে কটন ৰাজ্যিক বিশ্ববিদ্যালয়ত বিজ্ঞান শাখাত নাম ভৰ্তি কৰি শেহতীয়াকৈ ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮৬.৬ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হয়। সৰ্বভাৰতীয় পৰ্যায়ত অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ পুনৰ মেধাৰ পৰিচয় দিলে ছাত্ৰজনে ।

ইফালে মেধাবী ছাত্রজনৰ সফলতাত উৎফুল্লিত হৈ চাৰিং দুৰ্লভ চন্দ্ৰ গগৈ জকাইচুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বিশেষভাৱে অভিনন্দন জনায়। ইয়াৰ উপৰি গৌৰীসাগৰ আঞ্চলিক ছাত্র সন্থাই ছাত্ৰজনৰ বাসগৃহত উপস্থিত হৈ গামোচাৰে ছাত্ৰজনক সম্বৰ্ধনা জনোৱাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰে ।

Related News