NORTHEAST NOW (Assamese)

আই পদ্মপ্ৰিয়াৰ জীৱনাধাৰিত নাট মঞ্চস্থ : এজাক ন-শিকাৰুৰ হৃদয়স্পৰ্শী অভিনয়ে মুগ্ধ কৰিলে দৰ্শকক

July 27, 2018 1:23 pm · মিণ্টু দাস
Updated: July 27, 2018 10:16 pm

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চা লকালয়ৰ অধীনস্থ বৰদোৱা সাংস্কৃতিক কেন্দ্রৰ উদ্যোগত তথা নগাঁৱৰ অগ্রণী সামাজিক সাংস্কৃতিক সংগঠন হেঁপাহৰ সহযোগত তৃতীয় বার্ষিক গ্রীষ্মকালীন সত্রীয়া নৃত্য কর্মশালাৰ সামৰণি অনুষ্ঠানটো বুধবাৰে হাতীচোং মহাবিদ্যালয় প্রেক্ষাগৃহত সফলভাৱে অনুষ্ঠিত হৈ যায়।

সামৰণি অনুষ্ঠানত মুখ্য অতিথি ৰূপত উপস্থিত থাকে সাংস্কৃতিক উন্নয়ন বিষয়া সৌৰভ পানীফুকন, প্রথিতযশা শিল্পী গুণ শইকীয়া, হাতীচোং মহা বিদ্যালয়ৰ অধ্যক্ষ লুইত হাজৰিকা প্রমুখ্যে শংকৰদেৱ গৱেষণা কেন্দ্রৰ সাধাৰণ সম্পাদক ইন্দ্রমোহন বৰুৱা আৰু অমিত কুমাৰ দত্ত।

সাংস্কৃতিক উন্নয়ন বিষয়া সৌৰভ পানীফুকনৰ উদ্বোধনী ভাষণেৰে আৰম্ভ হোৱা সত্রীয়া নৃত্যানুষ্ঠানত কৃষ্ণ বন্দনা, কৃষ্ণ নৃত্য, গোপী নাচ, মাটি আখৰা, ভোৰতাল আদি নৃত্যৰ বাৰে বৰণীয়া অনুষ্ঠান পৰিবেশনেৰে কর্ম শালাৰ প্রশিক্ষার্থীসকলে সকলোকে মন্ত্রমুগ্ধ কৰে।

উল্লেখযোগ্য যে, বন্দনা বর্মন আৰু বিপাঞ্চী গোস্বামীৰ প্রশিক্ষণেৰে ১৪ জুলাইৰ পৰা ২৫ জুলাইলৈকে কুজীডাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা এই কর্মশালাত ৮২ জন প্রশিক্ষার্থীয়ে অংশগ্রহণ কৰিছিল আৰু প্রত্যেককে অনুষ্ঠানৰ অন্তত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ তৰফৰ পৰা মানপত্র প্রদান কৰা হয়।

সত্রীয়া নৃত্যানুষ্ঠানৰ অন্তত আৰম্ভ হয় হেঁপাহৰ উদ্যোগত গুণদা গোস্বামীয়ে ৰচনা কৰা আৰু বিদ্যুৎ কুমাৰ নাথে পৰিচালনা কৰা এখনি নাটক “সাগৰ তলে গংগা”। ভবানীপুৰীয়া গোপাল আতাৰ জীয়ৰী তথা অসমৰ প্রথম গৰাকী মহিলা কবি আই পদ্মপ্রিয়াৰ ত্যাগ আৰু আদর্শক জনমানসত জগাই তোলাৰ লক্ষ্যৰে মহান নাৰীগৰাকী জীৱনভিত্তিক এই নাটকখনে উপস্থিত দর্শকক আপ্লুত কৰে।

নাটখনিৰ বিভিন্ন চৰিত্র শাশ্বতী শিল্পী, নেত্র কমল বৰা, ভৱজিৎ কুমাৰ শইকীয়া, জিতুতপন বৰা, লিপিমণি বৰা, জিষ্ণামণি ভূঞা, মানস জ্যোতি বৰা, খনিন্দ্রমণি নাথ, পম্পী গোস্বামী, কুঁহি বৰা, জয়ন্ত বৰা, ৰক্তিমা দাস, তৃষ্ণামণি শইকীয়া, গায়ত্রী বৰা, চিম্পী বৰা, সংগীতা দাসে ৰূপায়ণ কৰাৰ লগতে মৌচুমী শইকীয়াই কণ্ঠশিল্পী হিচাপে তথা দীপাংক শইকীয়াই সংগীত আৰু গৌতম শইকীয়াই পোহৰৰ দায়িত্ব সুচাৰুৰূপত পালন কৰে।

ৰূপসজ্জা সীমান্ত বৰদলৈ, মঞ্চসজ্জাত ইন্দ্রমোহন হাজৰিকা আৰু ধ্রুৱজ্যোতি তালুকদাৰ । নাটকৰ অন্তত আই পদ্মপ্রিয়া লেখিকা সংস্থাৰ অৰুণা বৰাক আই পদ্মপ্রিয়াৰ সৃষ্টিৰাজিৰ প্রচাৰৰ হকে অহর্নিশে চলোৱা প্রচেষ্টাক সন্মান জনাই বিশেষভাৱে সম্বর্ধনা জনোৱা হয়। সম্পূর্ণ চাৰে তিনি ঘন্টাৰ অনুষ্ঠানৰ অন্তত হেঁপাহ পৰিয়ালৰ হৈ আঁত ধৰোতা তথা হেঁপাহৰ সম্পাদক নয়নজ্যোতি বৰাই সমূহ কার্যসূচী সাফল্য মণ্ডিত কৰাৰ ক্ষেত্রত প্রত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত আটাইলৈকে শলাগৰ শৰাই আগবঢ়ায়।

Related News