আই লীগত আজি শ্বিলং লাজঙৰ সন্মুখত ইষ্ট বেংগল: অন্তিম মেচত অৱতীৰ্ণ হ’ব শ্বিলং লাজং

Shillong Lajong FC

হিৰ’ আই লীগ ফুটবল প্ৰতিযোগিতাৰ নিজৰ অন্তিখন মেচত আজি শ্বিলং লাজং দলে নিজৰ ঘৰৰ মাটিত কিংফিছাৰ ইষ্ট বেংগলৰ বিৰুদ্ধে বৃহৎ বিজয়েৰে অভিযান সামৰাৰ লক্ষ্যৰে খেলপথাৰত অৱতীৰ্ণ হ’ব। আজিৰ এই মেচখন শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

উল্লেখ্য যে ইষ্ট বেংগলে শ্বিলঙলৈ অহাৰ পূৰ্বে চেন্নাই এফ চিৰ লগত খেলা মেচখনত ৭-১ গ’লৰ বৃহৎ ব্যৱধানত বিজয়ী হৈছিল। সেয়ে আজিৰ মেচখনৰ বাবে তেওঁলোকৰ মনোবল যথেষ্ট তুংগত বুলি জানিব পৰা গৈছে।

ইষ্ট বেংগলৰ প্ৰশিক্ষক খালিদ জামিলে কয়, ‘শ্বিলঙৰ বিৰুদ্ধে আমি কোনো চাপ নোলোৱাকৈ অৱতীৰ্ণ হম’।

সাংবাদিকে ইষ্ট বেংগলৰ প্ৰশিক্ষকক আজিৰ মেচখনৰ বাবে কেনেধৰণৰ পৰিকল্পনা লৈছে বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘আমি পইণ্ট আৰু তালিকাৰ কথা ভবা নাই। আমি কেবল মেচখনতহে গুৰুত্ব প্ৰদান কৰিছো’।

‘লাজং ভাল তথা শক্তিশালী দল, তেওঁলোকে আজিৰ মেচখনৰ বাবে কোনো ধৰণৰ চাপত নাথাকে কিয়নো লীগৰ খিতাপ দখলৰ দৌৰৰ পৰা ইতিমধ্যে বাহিৰ হৈছে’, এনেদৰে কয় খালিলে।

আনহাতে শ্বিলং লাজঙৰ সহকাৰী প্ৰশিক্ষক আলিছন খাৰছিনটিউৱে সাংবৈদিক সকলৰ আগত কয়, ‘আমি ইষ্ট বেংগলক সহজভাবে নলও। তেওঁলোক ভাল দল। এইখন আমাৰ শেষ খেল আৰু এইখন মেচত সৰ্বোচ্চ উজাৰি দি বিজয়েৰে অভিযান সামৰি পইণ্ট তালিকাৰ শীৰ্ষ পাচঁত থকাৰ প্ৰয়াস কৰিম’।

‘আমাৰ খেলুৱৈ সকলে আজিৰ মেচখনৰ বাবে যথেষ্ট সময় পালে। খেলুৱৈ সকলে আজিৰ মেচখনৰ বাবে অধিৰ আগ্ৰহেৰে ৰৈ আছে’, এনেদৰে কয় খাৰছিনটিউৱে।

দলৰ প্ৰদৰ্শনত সন্তুষ্ট নে কি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত শ্বিলং লাজং দলৰ সহঃপ্ৰশিক্ষক খাৰছিনটিউৱে কয়, ‘দলে গোটেই ছিজনটোত দেখুওৱা প্ৰদৰ্শনৰ বাবে মই সুখী কিন্তু সন্তুষ্ট নহয়। ইয়াতকৈও ভাল ফলাফল দলে আগবঢ়াব পাৰিলে হয়’।

তেওঁ পুনৰ কয়, ‘ইয়াৰ পিছতে ছুপাৰ কাপ আহি আছে কিন্তু বৰ্তমান সেই সম্পৰ্কে বেছি চিন্তা কৰি থকা নাই। আমি কেবল সন্মুখৰ প্ৰত্যাহ্বান সম্পৰ্কত মনোনিৱেশ কৰি আছো। আজিৰ মেচত বিজয়ী হোৱাটোৱে আমাৰ প্ৰধান লক্ষ্য’।