আকাশবাণী ডিব্ৰুগড়ৰ বৰ্ষজোৰা সোণালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি

All_India_Radio_Dibrugarh

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই ইয়াৰ পৰা কাৰ্য্যসূচী প্ৰচাৰ কৰা গৌৰৱময় ৫০ বছৰ পূৰ কৰিব অহা ১৫ ফেব্ৰুৱাৰিত। এই উপলক্ষে কেন্দ্ৰটোৱে বৰ্ষজোৰা সোণালী জয়ন্তী কাৰ্য্যসূচী উদযাপন কৰাৰ সিদ্ধান্ত লৈছে। এই কথা জানিবলৈ দিছে কেন্দ্ৰটোৰ এটা সূত্ৰই।

উল্লেখযোগ্য যে অনাতাঁৰ কেন্দ্ৰটোৱে ৩০০ কিলোৱাট ডি আৰ এম ট্ৰেন্সমিটাৰৰ জৰিয়তে ইয়াৰ কাৰ্য্যসূচী প্ৰচাৰ কৰে, যিটো উত্তৰ-পূবৰ ভিতৰতে সৰ্বাধুনিক আৰু শক্তিশালী সম্প্ৰচাৰ কেন্দ্ৰ। বিগত প্ৰায় ৫০ বছৰ ধৰি উজনি অসমৰ অসংখ্য শ্ৰোতাক ভিন্ন স্বাদৰ আৰু ভিন্নৰঙী কাৰ্য্যসূচীৰ সোৱাদ দি অহাৰ লগতে কেন্দ্ৰটোৱে জনসাধাৰণৰ মাজত চেতনা জাগ্ৰতকাৰী অনুষ্ঠান সম্প্ৰচাৰ কৰি আহিছে। কেন্দ্ৰটোৱে ১৯৬৯ চনৰ পৰা কাৰ্য্যসূচী সম্প্ৰচাৰ কৰি আহিছে।

 

কেন্দ্ৰটোৰ এটা সূত্ৰই জনোৱা মতে সোণালী জয়ন্তী বৰ্ষটোত ই কেইবালানি এনেকুৱা কাৰ্য্যসূচী হাতত লোৱাৰ পৰিকল্পনা কৰিছে, যিবোৰে অধিকৰো অধিক শ্ৰোতাক সামৰি ল’ব পাৰিব।

‘আমি সোণালী জয়ন্তী বৰ্ষত প্ৰায় ৩০০০ নতুন আৰু উদ্ভাৱনীমূলক কাৰ্য্যসূচী সম্প্ৰচাৰৰ পৰিকল্পনা কৰিছো। এই কাৰ্য্যসূচীবোৰ অহা মাৰ্চ মাহৰ পৰা সম্প্ৰচাৰ কৰা হ’ব আৰু প্ৰতিটো মাহতে একোটা একোটা নতুন মূল বক্তব্য (থিম) থাকিব।

 

যিহেতু মাৰ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পৰিছে, সেয়ে মাৰ্চ মাহৰ মুল বিষয় হ’ব ‘নাৰী’। এই মাহত প্ৰচাৰ হ’ব লগীয়া সকলো কাৰ্য্যসূচীৰ মূল বিষয় হ’ব নাৰী বিষয়ক বিভিন্ন সমস্যা।’ এইদৰে কয় কেন্দ্ৰটোৰ প্ৰগ্ৰাম হেড লোহিত ডেকাই।

তেওঁ বাকী মাহবোৰৰো মূল বিষয়ৰ আভাস দিয়ে। সেই অনুসৰি- এপ্ৰিল মাহৰ মূল বক্তব্য হ’ল- সংস্কৃতি আৰু পৰম্পৰা, মে’ মাহৰ বাবে- সাংসাৰিক আৰু সামাজিক জীৱন, জুন মাহৰ বাবে পৰিৱেশ সংৰক্ষণ, জুলাই মাহৰ বাবে উন্নয়ন-দুৰ্য্যোগ আৰু বহনক্ষমতা, আগষ্টৰ বাবে জ্যেষ্ঠ নাগৰিক, ছেপ্তেম্বৰ মাহৰ বাবে ক্ৰীড়া, অক্টোবৰ মাহৰ বাবে কৃষি আৰু জীৱিকা, জানুৱাৰি (২০১৯) ৰ বাবে যুৱ আৰু ফেব্ৰুৱাৰি (২০০৯)ৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি।

সোণালী জয়ন্তী বৰ্ষত প্ৰচাৰিত হ’ব লগীয়া সকলো কাৰ্য্যসূচীৰ আৰম্ভণি আৰু শেষত বিশেষভাৱে ৰচিত সোণালী জয়ন্তী ছিগনেচাৰ সংগীত বজোৱা হ’ব। এই বিশেষ সংগীত কম্প’জড কৰিছে অসমৰ এজন প্ৰখ্যাত সংগীতজ্ঞ চৈয়দ চাদুল্লাই।

সাধাৰণভাৱে অল ইণ্ডিয়া ৰেডিঅ’ক আৰু বিশেষভাৱে অল ইণ্ডিয়া ৰেডিঅ’ ডিব্ৰুগড়ক আলোকপাত কৰি ছটা গান আৰু দুটা ঐকতানৰ যন্ত্ৰসংগীত এই উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে। গানকেইটা ড০ কৰবী ডেকা হাজৰিকা, হীৰেন গোহাঁই আৰু চৈয়দ চাদুল্লাৰ দ্বাৰা ৰচনা কৰা হৈছে। কম্প’জড কৰিছে ৰাজেন গোহাঁয়ে। আনহাতে যন্ত্ৰসংগীতকেইটা কম্প’জড কৰিছে ভৱেশ  গোস্বামী আৰু বুধিন গগৈয়ে।

কেন্দ্ৰটোৰ সূত্ৰই কোৱা মতে এই সোণালী জয়ন্তীৰ কাৰ্য্যসূচীবোৰৰ মূল উদ্দেশ্য হ’ল-কেন্দ্ৰটোৱে যোৱা পাঁচটা দশকত আগ বঢ়োৱা গৌৰৱময় সেৱাক দাঙি ধৰা, অধিকৰো অধিক সংখ্যক শ্ৰোতাৰ মাজলৈ ইয়াৰ কাৰ্য্যসূচীসমূহ লৈ যোৱা আৰু নতুন প্ৰজন্মৰ মাজত আকাশবাণীক জনপ্ৰিয় কৰি তোলা।