• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়ে বিজেপিয়ে কংগ্ৰেছী বিধায়ক তথা প্ৰাক্তন মন্ত্ৰীসকলৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি লৈছে : দুৰ্গাদাস বড়ো

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 3, 2018 8:32 pm
Durga Das Bodo

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ৰকিবুল হুছেইনকে ধৰি কিছুসংখ্যক কংগ্ৰেছী নেতা-বিধায়কক আক্ৰমণৰ লক্ষ্য কৰি লৈ এটাৰ পিছত আন এটা ভুৱা গোচৰ জাপি দিয়াৰ চেষ্টা চলাইছে বিজেপি চৰকাৰে। বিধান সভাৰ নিৰ্বাচনৰ সময়তো এনে ধৰণে ৰকিবুল হুছেইনৰ ঘৰত তালাচী চলোৱা হৈছিল। ঠিক সেইদৰে পঞ্চায়ত নিৰ্বাচন সমাগত বাবেই এনেধৰণৰ ভুৱা গোচৰ জাপি দিব বিচৰা হৈছে কংগ্ৰেছী বিধায়কসকলৰ ওপৰত।‘ বিধান সভাৰ আজিৰ দিনটোৰ বাজেট অধিৱেশনৰ অন্তত কংগ্ৰেছৰ মুখপাত্ৰ তথা সাধাৰণ সম্পাদক দুৰ্গাদাস বড়োৱে এই মন্তব্য কৰে।

তদুপৰি তেওঁ অসম চৰকাৰৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি কয়, ‘ৰঞ্জিত দত্তৰ বিৰুদ্ধে শাসকীয় দলৰে সাংসদ আৰ পি শৰ্মাই ১০ শতাংশকৈ ঘোচ লোৱা বুলি ৰাজহুৱাভাৱে অভিযোগ অনাৰ পিছতো তেওঁৰ বিৰুদ্ধে বিজেপি চৰকাৰে কিয় কোনো পদক্ষেপ গ্ৰহণ নকৰিলে?’

আনহাতে ভিজিলেন্স ডকুমেণ্টৰ ফালৰ পৰা ৰকিবুল হুছেইনলৈ প্ৰেৰণ কৰা এখন চিঠি সন্দৰ্ভত বড়োৱে কয়, ‘১৭ মাৰ্চতে প্ৰেৰণ কৰা এই চিঠিখন কেনেকৈ কালি ভাইৰেল হ’বলৈ পালে? সেই চিঠিখনতো কেৱল চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ হাততহে থাকিব লাগিছিল। বিজেপি চৰকাৰ এনেদৰেই কংগ্ৰেছৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে।‘

তেওঁ কেৱল কংগ্ৰেছী প্ৰাক্তন মন্ত্ৰী আৰু বিধায়কসকলক মিছা দোষ জাপি দিয়াতকৈ বিজেপি চৰকাৰৰ দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী-বিধায়কসকলকো তদন্তৰ আওতালৈ অনাৰ বাবে অসম চৰকাৰক আহ্বান জনায়।

আনহাতে, অভিযুক্ত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে এই বিষয়ত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য ৰাখি কয় যে তেওঁৰ বাসগৃহতো বিধানসভাৰ নিৰ্বাচনৰ সময়ত তালাচী চলাইছিল আৰু সেই তালাচী চলোৱা ঘটনাই সমগ্ৰ অসমতে এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। তালাচী চলোৱা বিষয়াজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল বুলিও তেওঁ মন্তব্য আগবঢ়ায়।‘

তদুপৰি তেওঁ অনিল ৰাজাক ৪২০ আখ্যা দি কয় যে তেওঁৰ দৰে ৪২০ লোক এজনৰ চিঠি তথা গোচৰৰ ভিত্তিত যদি মোৰ বিৰুদ্ধে বিজেপি চৰকাৰে এনেধৰণৰ স্থিতি লৈছে তেন্তে বেলেগৰ প্ৰতিও একে ব্যৱস্থা চৰকাৰখনে গ্ৰহণ কৰিব লাগিব। লগতে তেওঁ স্বাস্থ্য আৰু শিক্ষা আৰু পৰিবহণ বিভাগত চলি থকা কেলেংকাৰিৰো সঠিক তদন্ত কৰিবৰ বাবে আহ্বান জনায়, তেতিয়াহে সমবিচাৰ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।

তাৎপৰ্য্যপূৰ্ণভাবে প্ৰাক্তন মন্ত্ৰীগাৰীয়ে কংগ্ৰেছ দলতে ০.১ শতাংশ বিজেপিৰ এজেণ্ট থকা বুলি মন্তব্য কৰে।

লগতে তেওঁ কয় ‘ইমানেই গোপনীয়তা অৱলম্বন কৰা ভিজিলেন্স বিভাগৰ চিঠিখন কেনেকৈ কালি ভাইৰেল হ’বলৈ পালে? কালিৰ বিধানসভাত বিষয়টো উত্থাপন হোৱাৰ পিছতেই এই চিঠিখন তেওঁলোকে ভাইৰেল কৰি দিছে। তদন্ত কৰক মোৰ আপত্তি নাই। কিন্তু নিয়ম-নীতি অনুকৰণ কৰি তদন্ত প্ৰক্ৰিয়া চলাই নিয়ক।‘

আনহাতে বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়, ‘বিজেপি দলে কংগ্ৰেছ চৰকাৰ দুৰ্নীতিগ্ৰস্ত বুলি কৈ জনসাধাৰণৰ অন্তৰ জয় কৰিছিল। কিন্তু কালি মই বিধানসভাত কেইগৰাকীৰ বিৰুদ্ধে চি আই ডি তথা উচ্চ পৰ্য্যায়ৰ তদন্ত হোৱা বুলি প্ৰশ্ন কৰাত তেওঁলোকে কংগ্ৰেছৰ কোনো মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন বৰ্তমানলৈকে কৰা হোৱা নাই বুলি সদৰী কৰে। কংগ্ৰেছৰ এজন নাইবা দুজন মন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ পাইছে যদিও তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সত্য নে অসত্য সেয়া বৰ্তমানলৈকে বিজেপি চৰকাৰে স্পষ্ট কৰিব পৰা নাই।

লগতে তেওঁ কয়, ‘পূৰ্বতে কংগ্ৰেছত থকা আৰু বৰ্তমান শাসকীয় দলৰ মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধেও লুই বাৰ্জাৰ কেলেংকাৰি, সাৰদা কেলেংকাৰি, ৰ’জ ভেলি কেলেংকাৰি ইত্যাদিত জড়িত হৈ চি বি আইৰ অধীনত গোচৰ পঞ্জীয়ন হৈছিল যদিও বৰ্তমান তেওঁলোকৰ কথাটো উত্থাপন কৰা হোৱা নাই। যাৰ ফলস্বৰূপে বিধানসভাখনক তেওঁলোকে বিপথে পৰিচালিত কৰা বুলি অনুভৱ হয়।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd