আজিৰ পৰা মণিপুৰ বিধানসভাৰ চাৰি দিনীয়া শীতকালীন অধিৱেশন

আজিৰ পৰা মণিপুৰ বিধানসভাৰ চাৰিদিনীয়া শীতকালীন অধিৱেশন আৰম্ভ হৈছে। অধিৱেশনৰ আৰম্ভণি কৰা হয় মণিপুৰ বিধানসভাৰ চাৰিজন প্ৰয়াত প্ৰাক্তন সদস্যৰ প্ৰসংগেৰে, যাৰ মাজত প্ৰাক্তন মুখ্য মন্ত্ৰী আৰু মণিপুৰৰ প্ৰথমজন লোকসভা সাংসদ ৰিচাং কেইচিঙো আছে।

বিধায়কসকলে প্ৰয়াত সদস্য কেইজনৰ সোঁৱৰণত দুই মিনিট সময় মৌনতা অৱলম্বন কৰে। মুখ্য মন্ত্ৰী এন বীৰেন সিঙে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰলৈ আৰু বিশেষভাৱে ৰাজ্যখনৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত মৈত্ৰীৰ ভাব সৃষ্টি কৰাত ৰিচাং কেইচিঙে লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে চমুকৈ দুৱাষাৰ কয়।

উল্লেখযোগ্য যে যোৱা ২২ আগষ্টত প্ৰাক্তন মুখ্য মন্ত্ৰী তথা সাংসদ ৰিচাং কেইচিঙৰ ৯৬ বছৰ বয়সত মৃত্যু হৈছিল। কেইচিং তিনিবাৰকৈ ৰাজ্যখনৰ মুখ্য মন্ত্ৰী আছিল।

বিৰোধী দলৰ সভাপতি আৰু প্ৰাক্তন মুখ্য মন্ত্ৰী অ’ক্ৰাম ইববি সিঙেও ৰিচাং কেইচিঙৰ বিষয়ে উল্লেখ কৰি কয় যে তেওঁ জটিল সময়ছোৱাত ৰাজ্যখনক সেৱা আগ বঢ়াইছিল। মণিপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা, সংবিধানৰ অষ্টম অনুসূচীত মণিপুৰী ভাষাক অন্তৰ্ভুক্তি, নুপি লাল স্প’ৰ্টছ কমপ্লেক্স, হাউছিং কমপ্লেক্স আদিৰ প্ৰতিষ্ঠাত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।

উপ মুখ্য মন্ত্ৰীয়েও আজিৰ সোঁৱৰণি অনুষ্ঠানটোত অংশ গ্ৰহণ কৰিছিল।

আনহাতে বিধানসভা সচিব এম ৰমনী দেৱীয়ে আজি বিধানসভাক ৰাজ্যপালে ছখন বিলত অনুমোদন দিয়াৰ কথা জনায়। মণিপুৰ জিলা পৰিষদৰ (চতুৰ্থ সংশোধনী) বিল ২০১৭ ৰ উত্থাপন কৰাৰ পিছতে আজিৰ দিনটোৰ বাবে অধিৱেশন স্থগিত ৰখা হয়। অহা শুকুৰবাৰে সমাপ্ত হ’ব।