আজি আই লীগ ফুটবল প্ৰতিযোগিতাত আইজল এফ চি বনাম গোকুলাম এফ চি

I-League

প্ৰশিক্ষণৰ সময়ত আইজল এফ চি দলৰ একাংশ খেলুৱৈ

আজি হিৰ’ আই লীগ ফুটবল প্ৰতিযোগিতাৰ এখন হাইভল্টেজ মেচত সমুখ সমৰত নামিব যোৱাবাৰৰ চেম্পিয়ন দল আইজল এফ চি আৰু গোকুলাম এফ চি দলে। মেচখন অনুষ্ঠিত হ’ব আইজলস্থিত ৰাজীৱ গান্ধী ষ্টেডিয়ামত। ২০১৭-১৮ চিজনৰ শেষৰখন ঘৰুৱা মেচত বিজয়েৰে অভিযান সামৰাৰ লক্ষ্য লৈ অৱতীৰ্ণ হ’ব আইজল এফ চি।

বিজয়ৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখাত ব্যৰ্থ হোৱা যোৱাবাৰৰ চেম্পিয়ন আইজল এফ চিয়ে এই বৰ্ষত ১৭ খন মেচৰ পৰা ২১ পইণ্ট সংগ্ৰহ কৰি তালিকাৰ ষষ্ঠ স্থানত সীমাবদ্ধ আছে।

আনহাতে গোকুলাম এফ চিয়ে লীগৰ প্ৰথম অৱস্থাত শোচনীয় প্ৰদৰ্শন দাঙি ধৰিছিল যদিও পিছলৈ শক্তিশালীভাবে লীগত প্ৰত্যাৱৰ্তন কৰে। দলটোৱে শেষৰ তিনিখন মেচত ধাৰাবাহিকভাবে বিজয়ী হৈছে।

আজিৰ মেচৰ পূৰ্বে আইজল এফ চিৰ মেনেজাৰ সন্তোষ কাশ্যপে কয় যে ঘৰুৱা দৰ্শকসকলৰ মুখত হাঁহি বিৰিঙাবলৈ দলে আজিৰ মেচৰ পৰা তিনি পইণ্ট সংগ্ৰহ কৰাৰ উদ্দেশ্যেৰে খেলপথাৰত নামিব।

‘আমি যথেষ্ট আত্মবিশ্বাসী। ঘৰুৱা দৰ্শকৰ সমৰ্থনত আমি উন্নত প্ৰদৰ্শন দাঙি ধৰি মেচখনৰ পৰা তিনি পইণ্ট অৰ্জন কৰিব পাৰিম বুলি আশাবাদী’, কাশ্যপে এইদৰে কয়।

তেওঁ আৰু কয়, ‘লীগৰ যথাযথ সময়সূচীৰ বাবে বিভিন্ন ঠাই ঘূৰি ফুৰিব লাগে সেয়ে খেলুৱৈ সকল যথেষ্ট ভাগৰি পৰিছে আৰু সেয়া প্ৰতিফলন হৈছে মেচৰ ফলাফলত। যিকোনো মুহুৰ্ততে যিকোনো দলকে পৰাস্ত কৰিব পৰা ক্ষমতা দলৰ আছে’।

ইফালে গোকুলাম এফ চিৰ প্ৰশিক্ষক বিনো জৰ্জে সংবাদ মেল সম্বোধন কৰি কয়, ‘যেতিয়া নিজৰ ঘৰৰ মাটিত খেলে, তেওঁলোকে এটা অন্য ধৰণৰ শক্তি পায়। আমি পইণ্ট সংগ্ৰহ কৰাৰ বাবে সৰ্বোচ্চ উজাৰি দিম। সম্পূৰ্ণ আত্মবিশ্বাসেৰে ভৰা মোৰ দলৰ খেলুৱৈ সকলে এতিয়া কোনো বিপক্ষৰ লগতে খেলিবলৈ ভয় নকৰে। প্ৰত্যেক খেলুৱৈয়ে যথেষ্ট কষ্ট কৰি আছে আৰু মেচত নিজৰ সম্পূৰ্ণ উজাৰি দিব’।

লক্ষ্যণীয় যে যদিহে বিনো জৰ্জৰ গোকুলাম এফ চিয়ে আইজল এফ চিক পৰাস্ত কৰিব পাৰে তেন্তে দলটোৱে পইণ্ট তালিকাত এক আকৰ্ষণীয় স্থানত উপনীত হ’ব। ইপালে আজিৰ এই গুৰুত্বপূৰ্ণ মেচখন দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ হ’ব।