আজি ছিংগাপুৰত প্ৰৱাসী ভাৰতীয় সন্মিলনত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সোণোৱাল

ফাইল ফটো

পূবলৈ চোৱা নীতি (এক্ট ইষ্ট পলিচী) ৰূপায়নৰ দিশত স্বচ্ছতা অনাৰ লক্ষ্য লৈ আজি ছিংগাপুৰত অনুষ্ঠিত হ’বলগীয়া প্ৰৱাসী ভাৰতীয় দিৱসত ভাৰতক প্ৰতিনিধিত্ব কৰা দলটোৰ অন্যতম সদস্য হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। জানিব পৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই কাৰ্যসূচীৰ বাবে সোণোৱালক বিশেষভাৱে দায়িত্ব অৰ্পণ কৰিছে।

মুখ্যমন্ত্ৰী সোণোৱালে প্ৰৱাসী ভাৰতীয় সন্মিলনখনত উত্তৰ-পূৰ্বাঞ্চলৰ এছীয় দেশসমূহৰ দুৱাৰমুখ হিচাপে পৰিগণিত হোৱাৰ পথত থকা বিশেষ ভৌগলিক অৱস্থানৰ সম্পৰ্কত বক্তৃতা প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰী মোডী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজে বিশেষভাৱে দায়িত্ব অৰ্পন কৰা সৰ্বানন্দ সোণোৱালৰ উপৰি সন্মিলনত একেলগে উপস্থিত থাকিব অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু। প্ৰতিবছৰে অনুষ্ঠিত হোৱা প্ৰৱাসী ভাৰতীয় দিৱসত প্ৰৱাসী ভাৰতীয়সকলক ভাৰতৰ অৰ্থনীতি টনকিয়াল কৰি তোলাত সহায় কৰিবলৈ তথা বিনিয়োগৰ জৰিয়তে দেশখনৰ অৰ্থনীতিত অৰিহনা যোগাবলৈ আহ্বান জনোৱা হয়।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰৱাসী ভাৰতীয় দিৱসত বক্তৃতা প্ৰদান কৰাৰ উপৰি গুৱাহাটীত ক্ৰমে ৩ আৰু ৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া বিশ্ব বিনিয়োগ সন্মিলনলৈ বিনিয়োগকাৰীক আকৰ্ষণৰ উদ্দেশ্যে এক ৰোড শ্ব’তো অংশগ্ৰহণ কৰিব।